
দৰং, ২৫ ফেব্ৰুৱাৰী (হি.স.): দৰং জিলাৰ মঙলদৈৰ বৰুৱাপাৰত যোৱা কালি মঙ্গলবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনা সংঘটিত হয় । তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা খুন্দা মাৰে চাইকেল আৰোহীক। ফলত গুৰুতৰভাৱে আহত হয় চাইকেল আৰোহী দিলীপ ডেকা নামৰ লোকজন।
মঙলদৈৰ তেলিপাৰা-কেৰিমেৰি সংযোগী পথৰ বৰুৱাপাৰত সংঘটিত হয় এই দুৰ্ঘটনা। আহত ব্যক্তি গৰাকীক স্থানীয় ৰাইজৰ সহযোগত তৎকালীন ভাবে মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ