
দৰং, ২৫ ফেব্ৰুৱাৰী (হি.স.): দৰং জিলাৰ মঙলদৈত যোৱা কালি মঙলবাৰে নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । ই ৰিক্সাৰ খুন্দাত মৃত্যু হয় এগৰাকী ব্যক্তিৰ ।
জানিব পৰামতে, মঙ্গলদৈ বেগামুখ ২ নং ৱাৰ্ডৰ ভোলা দাস (৬০)ক ই ৰিক্সাই খুন্দিয়াই থৈ পলায়ন কৰে । লগে লগে কৰ্তব্যৰত যান বান আৰক্ষী আৰু স্থানীয় ৰাইজে ভোলা দাসক ততাতৈয়াকৈ মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ