বিভিন্ন প্ৰজাতিৰ আপেল বগৰীৰ খেতি কৰি স্বাৱলম্বী হৈছে নাহৰকটীয়াৰ মেৰবিলৰ এগৰাকী মহিলা কৃষক
ডিব্ৰুগড়, ২৫ ফেব্ৰুৱাৰী (হি.স.)। বিভিন্ন প্ৰজাতিৰ আপেল বগৰীৰ খেতি কৰি স্বাৱলম্বী হৈছে নাহৰকটীয়াৰ মেৰবিলৰ ডলী গগৈ নামৰ এগৰাকী মহিলা। মাত্ৰ ৭৫ হাজাৰ টকাৰে ২ বিঘা মাটিত এই বগৰি খেতি আৰম্ভ কৰি বৰ্তমান ৮ বিঘা মাটি লৈয় নিজৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ সক্ষম
বিভিন্ন প্ৰজাতিৰ আপেল বগৰীৰ খেতি কৰি স্বাৱলম্বী হৈছে নাহৰকটীয়াৰ মেৰবিলৰ এগৰাকী মহিলা কৃষক


ডিব্ৰুগড়, ২৫ ফেব্ৰুৱাৰী (হি.স.)। বিভিন্ন প্ৰজাতিৰ আপেল বগৰীৰ খেতি কৰি স্বাৱলম্বী হৈছে নাহৰকটীয়াৰ মেৰবিলৰ ডলী গগৈ নামৰ এগৰাকী মহিলা। মাত্ৰ ৭৫ হাজাৰ টকাৰে ২ বিঘা মাটিত এই বগৰি খেতি আৰম্ভ কৰি বৰ্তমান ৮ বিঘা মাটি লৈয় নিজৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে এই গৰাকী মহিলাই।

চাচনী কলাগড়া গাওঁত থকা এই বগৰী বাৰী খন চাবলৈ আৰু বগৰী ক্ৰয় কৰিবলৈ দুলীয়াজান, নাহৰকটীয়া টিংখংৰ বিভিন্ন ঠাইৰ পৰা ক্ৰেতা সকল আহি উপস্থিত হোৱাৰ লগতে মহিলা গৰাকীয়ে নিজেও স্কুটি চলাই ঘৰে ঘৰে এই বগৰী সমূহ বিক্ৰী কৰি বছৰি লক্ষ্যাধিক টকা উপাৰ্জন কৰি পৰিয়ালটো পোহ পাল দিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত পত্নীক সমানে সহায় সহযোগিতা কৰি আহিছে তেওঁৰ স্বামী কমলা গগৈয়ে।স্বামী গৰাকীয়ে বগৰি সমূহ ছিঙি দিয়াৰ লগতে পত্নীৰ সৈতে সাপ্তাহিক বজাৰত বগৰী সমূহ বিক্ৰী কৰাত সহায় কৰি আহিছে। আজি লৈকে এটকাও চৰকাৰী অনুদান লাভ নকৰাকৈ নিজৰ কষ্ট আৰু ত্যাগৰ ফলত এতিয়া লাখপতি বাইদেউ লৈয় পৰিণত হৈছে চাচনী মেৰবিলৰ এই গৰাকী ডলী গগৈ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande