
কামৰূপ, ২৫ ফেব্ৰুৱাৰী (হি.স.): কামৰূপ জিলাৰ নগৰবেৰা-গুমি সংযোগী ই এণ্ড ডি মথাউৰি মেৰামতিক লৈ শংকিত হৈ পৰিছে শ শ পৰিয়াল। অতি পুৰণি মথাউৰিটোৰ ৰাংগাপানীৰ তিনি কিলোমিটাৰ মথাউৰিৰ ওপৰৰ অংশৰ মাজভাগ খান্দি জিঅ'টিউব বহুওৱাক লৈ সুৰক্ষিত অনুভৱ কৰা নাই স্থানীয় লোকসকল। ইফালে ১ কোটি ৭০ লাখ টকীয়া এনে জিঅ'টিউবৰ কামত অনিয়ম সংঘটিত কৰাৰো অভিযোগ উত্থাপিত হৈছে ঠিকাদাৰ জমিৰ খানৰ বিৰুদ্ধে ।
আনহাতে মথাউৰিটোৰ কাষতে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত খান্দি বালি খনন কৰাত আন এক ভয়ংকৰ বিপদৰ শংকাত ভূগিছে মথাউৰিৰ দুয়োপাৰৰ কেইবাশ পৰিয়াল । জলসম্পদ বিভাগৰ এনে নাভূত-নাশ্ৰুত কৰ্মকাণ্ডক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে একাংশ লোকে। জলসম্পদ বিভাগৰ বৃহৎ পুঁজিৰে মথাউৰি মেৰামতিৰ নামত ঠিকাদাৰ জমিৰ খানে একাধিক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । শীঘ্ৰে মথাউৰি মেৰামতিৰ নামত সংঘটিত প্ৰতিটো অনিয়মৰ তদন্ত সাপেক্ষে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ