ইম্ফল পূৱ জিলাত উদ্ধাৰ বৃহৎ অস্ত্ৰ-শস্ত্ৰৰ ভঁৰাল
ইম্ফল, ২৫ ফেব্ৰুৱাৰী (হি.স.)। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাই মণিপুৰ আৰক্ষীয়ে অভিযানৰ সময়ত অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামগ্ৰীৰ বৃহৎ ভঁৰাল উদ্ধাৰ কৰিছে। অৱশ্যে এই সন্দৰ্ভত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে আজি
मणिपुरः इंफाल ईस्ट जिले से बरामद भारी मात्रा में हथियार का दृश्य


ইম্ফল, ২৫ ফেব্ৰুৱাৰী (হি.স.)। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাই মণিপুৰ আৰক্ষীয়ে অভিযানৰ সময়ত অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামগ্ৰীৰ বৃহৎ ভঁৰাল উদ্ধাৰ কৰিছে। অৱশ্যে এই সন্দৰ্ভত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে আজি প্ৰকাশ কৰা আনুষ্ঠানিক তথ্য অনুসৰি ইম্ফল পূৱ জিলাৰ সাগোলমাং আৰক্ষী থানাৰ অন্তৰ্গত নুংগাই পাহাৰ অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ। উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে এটা দেশত নিৰ্মিত ৰাইফল, এটা দেশত নিৰ্মিত ৯ এম এম পিষ্টল মেগজিনযুক্ত, এটা এইচ ই-৩৬ হেণ্ড গ্ৰেনেড, ৫টা সজীৱ ৰাউণ্ড .৩০৩ ব’ৰ গুলী, এটা বুলেটপ্ৰুফ জেকেটৰ সৈতে দুখন ধাতুৰ প্লেট, এটা মেগজিন পাউচ, দুটা বি পি হেলমেট আৰু তিনিটা স্লিং।

ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চলত অহৰহ তালাচী অভিযান চলাই আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ ভঁৰাল উদ্ধাৰ কৰিছে। উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande