
মাজুলী, ২৫ ফেব্ৰুৱাৰী (হি.স.): মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত যোৱা কালি মঙ্গলবাৰে বিয়লি উপস্থিত হয় ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কমলেশ পাছোৱান।মাজুলী জিলা চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্য খণ্ডৰ যি সমূহ অভাব আছে সেই অভাৱ সমূহ পুৰ কৰাৰ আশ্বাস প্ৰদান মন্ত্ৰী কমলেশ পাছোৱানে।
ইফালে মাজুলীত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ কথাতো বিবেচনা কৰিব বুলি মন্তব্য কৰে।চিকিৎসকৰ নাটনি ক্ষেত্ৰত চৰকাৰে চিকিৎসকৰ অভাৱ সোনকালে পুৰণ কৰাৰ প্ৰস্তুতি চলোৱাৰ কথা সদৰী কৰে। এই উন্নয়ন মূলক আচঁনি সমূহ অসম চৰকাৰে আগুৱাই নিছে বুলিও মন্তব্য কৰে কমলেশ পাছোৱানে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত উত্তৰ পূৱক বিকাশৰ বাবে ৰে'ল বিভাগ, চিকিৎসালয় বৃদ্ধি, উৰাজাহাজৰ সুবিধা প্ৰদান, প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাকে ধৰি বিভিন্ন ক্ষেত্ৰত সুন্দৰ ভাবে আগবাঢ়ি গৈছে বুলি মন্তব্য আগবঢ়ায়।
আনহাতে ডেৰ বছৰে নিজ সমষ্টি উন্নয়নৰ হিচাপ নোলোৱা সাংসদ গৌৰৱ গগৈক সমালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । গৌৰৱ গগৈ ইমানেই ব্যস্ত তেখেতক অসমতো বিচাৰি নাপাই দিল্লীতো বিচাৰি নাপাই বুলি তীব্ৰ সমালোচনা মন্ত্ৰী কমলেশ পাচোৱানে । জিলা চিকিৎসালয়ৰ নাৰ্চিং স্কুলৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে মাজুলীৰ স্বাস্থ্য ব্যৱস্থাৰ বুজ লয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ