ধুবুৰীৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ গুৰুত্বপুৰ্ণ ৰায়দান
ধুবুৰীৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ গুৰুত্বপুৰ্ণ ৰায়দান।
ধুবুৰীৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ গুৰুত্বপুৰ্ণ ৰায়দান


ধুবুৰী, ২৫ ফেব্ৰুৱাৰী (হি.স.): ধুবুৰীৰ জিলা আৰু সত্ৰ ন্যায়াধীশে যোৱা কালি মঙলবাৰে বিয়লি গুৰুত্বপুৰ্ণ ৰায়দান কৰে । ২০১০ চনৰ জানুৱাৰী মাহত হোৱা এক নৃসংশ হত্যাকাণ্ডৰ বিৰূদ্ধে ৮ জন অভিযুক্তক ৮ বছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকা জৰিমনা বিহে ।

উল্লেখ্য় যে অনোৱাৰ হুছেইন নামৰ এজন ব্যক্তিক ধুবুৰীৰ আদাবাৰীত লোহৰ ৰোডেৰে আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰিছিল ৮ জনীয়া দলে । অৱশেষত ১০ দিনৰ মূৰত ব্যক্তিগৰাকীৰ মৃত্যু হোৱাত হত্যাৰ গোচৰত ৰুজু হৈছিল গোচৰ । এই আঠ জনক ৮ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিলে ধুবুৰীৰ জিলা আৰু সত্ৰ ন্যায়াধীশে। এজেহাৰৰ ভিত্তিত কেছ পঞ্জীয়ন কৰি ধাৰা ১৪৭, ১৪৮, ৩৪১, ৩২৬, ১৪৯ আৰু ৩০২ ধৰা বহুৱাই ১৪ জন সাক্ষী লৈ আঠ জন আছামীক আঠ বছৰ সষ্টম কাৰদণ্ডৰ লগতে দহ হাজাৰ টকা জৰিমনা বিহে আদালতে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande