যোগীঘোপাত ভয়ংকৰ দুৰ্ঘটনা
যোগীঘোপাত ভয়ংকৰ দুৰ্ঘটনা ।
যোগীঘোপাত ভয়ংকৰ দুৰ্ঘটনা


বঙাইগাঁও, ২৫ ফেব্ৰুৱাৰী (হি.স.): বঙাইগাঁও জিলাৰ যোগীঘোপাত যোৱা কালি মঙ্গলবাৰে নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দইখন বাইকৰ মুখামুখী সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত থিতাতে নিহত হয় এজন লোক আৰু গুৰুতৰভাৱে আহত হয় আন এজন ।

আহত যুৱক জন গোৱালপাৰা জিলাৰ উজিৰৰ চৰৰ । যোগীঘোপাৰ জয় শংকৰ কাটাৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ কাবাইটাৰীৰ পৰা গোৱালপাৰা দিশলৈ গৈ থকা এএছ ১৮ এফ ৫৫৩১ নম্বৰৰ বাইকখনৰ কায়াপট্ৰীৰ পৰা কাবাইটাৰী দিশলৈ অহা এএছ ২৬ এ ৪০১১ নম্বৰৰ বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । দূৰ্ঘটনাত মৃত্যুমুখত পৰে যোগীঘোপাৰ আজিজুল ইছলাম (ৰ'জ) নামৰ যুৱকজন।

ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ এজনক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰি গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande