ধুপধৰাত গৰু ভৰ্তি বাহন সহ, তিনি সৰবৰাহকাৰী আটক
গোৱালপাৰা, ২৫ ফেব্ৰুৱাৰী (হি.স.)। গোৱালপাৰা জিলাৰ ধুপধৰাত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত গৰু ভৰ্তি এখন বাহন জব্দ কৰাৰ লগতে তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধুপধৰা আৰক্ষীয়ে । জব্দকৃত বাহন খনৰ পৰা অবৈধ ভাবে সৰবৰাহ
ধুপধৰাত গৰু ভৰ্তি বাহন সহ, তিনি সৰবৰাহকাৰী আটক


গোৱালপাৰা, ২৫ ফেব্ৰুৱাৰী (হি.স.)। গোৱালপাৰা জিলাৰ ধুপধৰাত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত গৰু ভৰ্তি এখন বাহন জব্দ কৰাৰ লগতে তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধুপধৰা আৰক্ষীয়ে ।

জব্দকৃত বাহন খনৰ পৰা অবৈধ ভাবে সৰবৰাহ কৰা ৯ টাকৈ গৰু জব্দ কৰে আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰী কেইজন মেঘালয়ৰ বাইকুল জি মাৰাক,নেবিলচন মমিন , নিপিল জি মমিন বুলি জানিব পৰা গৈছে। অবৈধ গৰু সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এম এল ০৮ জে ৩১৭১ নম্বৰৰ এখন বলেৰো পিক আপ বাহন জব্দ কৰে আৰক্ষীয়ে।

অবৈধ ভাবে মেঘালয়লৈ গৰু সৰবৰাহ কৰি থকা অৱস্থাতে এক গোপন খবৰৰ ভিত্তিত ধুপধৰা আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি বাহন খন।

ধুপধৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ নাথৰ নেতৃত্বত চলিছিল এই অভিযান।

তিনি সৰবৰাহকাৰীক আজি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ধুপধৰা আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande