
গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী (হি.স.)। ভাৰত ফিলিপাইনছ মৈত্ৰী গোটৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰা মানে গৌৰৱ গগৈ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগৰ পৰা অভিযোগমুক্ত নহয় গৌৰৱ গগৈ ৷ গৌৰৱ গগৈৰ পাকিস্তান লিংক ভাৰত আৰু পাকিস্তান দুখন ৰাষ্ট্ৰৰ লগত জড়িত বিষয় ৷ সেইবাবে অসম চৰকাৰে এছ আই টি ৰিপোৰ্ট ভাৰত চৰকাৰৰ গৃহমন্ত্ৰালয়লৈ পঠাইছে ৷ প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই বক্তব্য মুখপাত্ৰ ড॰ দেৱজিৎ মহন্তৰ ৷
লোকসভা চেক্ৰেটেৰিয়েটে বিভিন্ন বিষয়ত সমিতি প্ৰস্তুত কৰিবৰ বাবে বিভিন্ন দলৰ সদস্য বিচাৰে ৷ কংগ্ৰেছে উক্ত সংসদীয় সদস্য নিৰ্বাচিত কৰা দায়িত্ব কংগ্ৰেছৰ পাৰ্লিয়ামেণ্টৰী বৰ্ডৰ ৷ কংগ্ৰেছ পাৰ্লিয়ামেণ্টেৰী বৰ্ডে পঠোৱা সদস্য তালিকাবদ্ধ কৰাৰ পিছত লোকসভা ছেক্ৰেটেৰীতে অধ্যক্ষকৰ অনুমোদনমৰ্মে সমিতি ঘোষণা কৰে ৷ সংসদীয় গণতন্ত্ৰৰ ই এক পৰম্পৰা ৷ কংগ্ৰেছ কাৰ্যকৰ্তাসকলে অপাৰেশ্বন সিন্দুৰৰ বিশ্বজনীন সমৰ্থন আদায়ৰ বাবে গঠন কৰা সমিতিত সাংসদ প্ৰদ্যুৎ বৰদলৈক অন্তৰ্ভুক্ত কৰিছিল ৷ সেই সময়ত সামাজিক মাধ্যমত কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে কিয় প্ৰচাৰ আৰু প্ৰসাৰ কৰা নাছিল প্ৰদ্যুৎ বৰদলৈক যিদৰে গৌৰৱ গগৈক কৰিছে বুলি প্ৰশ্নৰ অৱতাৰণা কৰে ড॰ মহন্তই ৷
ড॰ মহন্তই সংবাদমেলত কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলক মনত পেলাই দিয়াৰ উদ্দেশ্যি কয় যে একে সময়তে ইণ্ডিয়া থাইলেণ্ড মৈত্ৰী গোটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক ৷ ভাৰত চৌদী আৰব মৈত্ৰী গোটত সদস্যৰূপে সাংসদ অজিৎ ভূঞাক নিযুক্তি দিছে লোকসভাৰ অধ্যক্ষই । গতিকে ভাৰত ফিলিপাইনছ মৈত্ৰী গোটৰ সভাপতিৰ দায়িত্ব পোৱা মানে গৌৰৱ গগৈ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগৰ পৰা অভিযোগমুক্ত নহয় ৷ গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিচাৰ প্ৰক্ৰিয়া চলি থাকিব৷ যদি গৌৰৱ গগৈ নৱ বিবাহিতা পত্নীৰ সৈতে ৰাৱালপিণ্ডিৰ তক্ষশীলালৈ গৈছিল তেনেহ’লে গৌৰৱ গগৈয়ে পত্নীৰ সৈতে তক্ষশীলাত উঠা ফটো ৰাজহুৱা কৰক বুলি সংবাদমেলত প্ৰশ্ন অৱতাৰণা কৰে ড॰ মহন্তই ৷
লগতে ড॰ মহন্তই কয় যে যদি গৌৰৱ গগৈয়ে পত্নীৰ অনুৰোধমৰ্মে শক্ৰৰাষ্ট্ৰ পাকিস্তানলৈকে যাব পাৰে, পত্নীৰ গৃহভূমি লণ্ডনৰ লণ্ডন মিউজিয়ামত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বৃন্দাৱনী বস্ত্ৰ পৰিদৰ্শন কৰাৰ বাবে কিয় সময় উলিয়াব নোৱাৰে ? সংবাদমেলত গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত দুটা প্ৰশ্নৰ উত্তৰ বিচাৰিছে ড॰ মহন্তই– প্ৰথম গৌৰৱ গগৈ ১০ দিনৰ বাবে পাকিস্তানলৈ কিয় গৈছিল, ক’ত আছিল আৰু কি কৰিছিল? দ্বিতীয়, ভাৰতৰ এনজিঅ’ত কাম কৰি গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ এনজিঅ’ৰ পৰা কিয় আৰু কেনেকৈ দৰমহা লৈছিল ?
কংগ্ৰেছ কৰ্মীসকলে মৈত্ৰী গোটৰ অধ্যক্ষ হোৱাৰ সুযোগ লৈ গৌৰৱ গগৈক যিমানে ৰাষ্ট্ৰদ্ৰোহৰ পৰা মুক্ত কৰাৰ চেষ্টা নকৰক কিয় গৌৰৱ গগৈ ৰাষ্ট্ৰদ্ৰোহত দোষী আৰু ন্যায়িক সংস্থাই অতি শীঘ্ৰে ন্যায়িক ব্যৱস্থাৰ মাজেৰে গৌৰৱ গগৈক ৰাষ্ট্ৰদ্ৰোহত দণ্ডিত কৰি শাস্তি প্ৰদান কৰিব ৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী