লঙ্গাই নদীৰ খহনীয়াত চৰম দুৰ্ভোগত ৰাইজ
শ্ৰীভূমিত, ২৫ ফেব্ৰুৱাৰী (হি.স.)। মথাউৰি সংস্কাৰত চৰম উদাসীনতা শ্ৰীভূমিত । লঙ্গাই নদীৰ খহনীয়ায় চৰম দুৰ্ভোগত ৰাইজ । শ্রীভূমি জিলাত মথাউৰি সংস্কাৰৰ ক্ষেত্ৰত বিভাগীয় উদাসীনতাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। বহু ঠাইত ভঙা মথাউৰি আজিও মেৰাম
লঙ্গাই নদীৰ খহনীয়াত চৰম দুৰ্ভোগত ৰাইজ


শ্ৰীভূমিত, ২৫ ফেব্ৰুৱাৰী (হি.স.)। মথাউৰি সংস্কাৰত চৰম উদাসীনতা শ্ৰীভূমিত । লঙ্গাই নদীৰ খহনীয়ায় চৰম দুৰ্ভোগত ৰাইজ । শ্রীভূমি জিলাত মথাউৰি সংস্কাৰৰ ক্ষেত্ৰত বিভাগীয় উদাসীনতাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। বহু ঠাইত ভঙা মথাউৰি আজিও মেৰামতি নোহোৱাকৈ পৰি আছে যদিও ছয় মাহ ধৰি নদীৰ জলস্তৰ তলত থকাৰ পাছতো কোনো কাম কৰা হোৱা নাছিল বুলি অভিযোগ উঠিছে। ৰাজ্যৰ এজন দায়িত্বশীল মন্ত্ৰী পিযুষ হাজৰিকাৰ দিয়া প্ৰতিশ্ৰুতি অৱশেষত প্ৰহসনত পৰিণত হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে।

নৈৰ জলস্তৰ কম থকা সময়ছোৱাত মথাউৰি সংস্কাৰৰ এক সুবৰ্ণ সুযোগ থাকিলেও অজ্ঞাত কাৰণত কাম আৰম্ভ কৰা নহ’ল। এতিয়া বৰষুণৰ বতৰ সমাগত হোৱাৰ পাছত মথাউৰি মেৰামতিত বিশেষ সুফল নাহিব বুলি আশংকা কৰিছে স্থানীয় লোকে। লঙ্গাই নদীৰ দুল্লভপুৰত আধৰুৱা অৱস্থাত থকা বাঁধৰ বাবে যাতায়াত ব্যৱস্থাত গুৰুতৰ সমস্যাৰ সৃষ্টি হৈছে। একেদৰে গান্ধাইমুখ আৰু ভৰিবন্ধতো বাঁধ এতিয়াও খোলা অৱস্থাতেই আছে বুলি অভিযোগ উঠিছে। স্থানীয় লোকসকলৰ অভিযোগ অনুসাৰে, যোৱা বছৰৰ বানপানীৰ সময়ত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰশাসনিক আৰু বিভাগীয় বিষয়াসকলৰ সৈতে গান্ধাইমুখত ভঙা বাঁধ পৰিদৰ্শন কৰি তিনি মাহৰ ভিতৰত মেৰামতিৰ আশ্বাস দিছিল যদিও বাস্তৱত কোনো কাম আগবাঢ়া নাই। ৰাজ্যৰ এজন দায়িত্বশীল মন্ত্ৰীৰ প্ৰতিশ্ৰুতি অৱশেষত প্ৰহসনত পৰিণত হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে নিলামবজাৰ আঞ্চলিক পঞ্চায়ত সদস্য জীৱিতেশ দাস সহ নয়াগাঁও-বিদ্যানগৰ গাঁৱৰ ক্ষুব্ধ ৰাইজে।

তেওঁলোকৰ দাবী, গান্ধাইমুখত ভঙা মথাউৰিৰ মাজেৰে বিগত তিনিটা বছৰ ধৰি লঙ্গাই নদীৰ পানী সহজে সোমাই পৰি দক্ষিণ কৰিমগঞ্জৰ বহু এলেকাত বিধ্বংসী বানৰ সৃষ্টি কৰি ৰাইজক সৰ্বস্বান্ত কৰিছে। ফাগুন মাহৰ শেষৰ ফালে সামান্য বৰষুণ হ’লেও পুনৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰা হৈছে। নিলামবজাৰৰ নয়াগাঁও-বিদ্যানগৰৰ মাজৰ পুৰণি স্থানত শেহতীয়াকৈ বাঁধৰ প্ৰায় ১০০ মিটাৰ অংশ হঠাতে নদীগৰ্ভত তললৈ গৈছে। বৈৰাগীচক-দাঁড়াৰপাৰ সংযোগী এই বাঁধ-ৰাস্তা নিলামবজাৰৰ সৈতে চাৰিখন গাঁৱৰ একমাত্ৰ জীৱন ৰেখা বুলি গণ্য কৰা হয়। বৰ্তমান এই অংশ নদীগৰ্ভত বিলীন হোৱাৰ ফলত যাতায়াত সম্পূৰ্ণ ৰূপে ব্যাহত হৈছে আৰু চাৰিখন গাঁৱৰ প্ৰায় দহ হাজাৰ লোক চরম দুৰ্ভোগত পৰিছে।

স্থানীয় লোকসকলে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মালা আৰু স্থানীয় বিধায়ক ছিদ্দিক আহমেদৰ ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ মতে, অসম-ত্ৰিপুৰা ৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কায়স্থগ্ৰাম-দাঁড়াৰপাৰ পূৰ্ত পথলৈকে প্ৰায় চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ এই মথাউৰি-ৰাস্তা বহুদিন ধৰি সংস্কাৰৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে। একেৰাহে বানৰ কবলত পৰি বাঁধখন এতিয়া মৰণফান্দত পৰিণত হৈছে।

চাৰি মাহ পূৰ্বে বিপদজনক বুলি চিহ্নিত কৰা সত্ত্বেও বিভাগীয়ভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। নদীৰ জলস্তৰ বাঢ়িলেই বৃহৎ অঞ্চল বানত ডুব যাব পাৰে বুলি আশংকা কৰা হৈছে। ইতিমধ্যে শতাধিক পৰিয়ালৰ ঘৰ-বাৰী, কৃষিজমি আৰু গ্ৰাম্য পথ নদীগৰ্ভত বিলীন হৈছে। যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ ফলত বিদ্যালয়-কলেজীয়া ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল লোক, জৰুৰী ৰোগী আদি সকলোৱে ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে। বহু ক্ষেত্ৰত ৰোগীক কান্ধত কঢ়িয়াই চিকিৎসালয়লৈ নিয়াৰ দৰে কৰুণ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষীৰ নিশা টহলতো ব্যাঘাত ঘটাত অঞ্চলটোত চুৰি-ডকাইতি, নেশাজাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায় আৰু অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছে।

ভৰিবন্ধ আৰু গান্ধাইমুখতো একেই পৰিস্থিতি অব্যাহত আছে। নদীভাঙন ৰোধ আৰু বাঁধ মেৰামতিত কোনো দৃঢ় পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষুব্ধ ৰাইজে সতৰ্ক কৰি দিয়ে যে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি ভঙা আৰু তললৈ যোৱা বাঁধসমূহ মেৰামতি কৰা নহয়, তেন্তে তেওঁলোকে ভোট বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব।

সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত নতুনকৈ আতংকৰ বাতাবৰণ সৃষ্টি হৈছে। ৰাইজে অতি শীঘ্ৰে স্থায়ী সমাধানৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande