
নতুন দিল্লী, ২৫ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ মঙলবাৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় ঘূৰণীয়া মেজ সন্মিলনত সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰীয় ঘোষণা ২০২৬ গ্ৰহণ কৰা হয়। লগতে সংকল্প লোৱা হ’ল যে এতিয়া বছৰি এনে এখন বৈঠক অনুষ্ঠিত হ’ব।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২৭ বছৰৰ ব্যৱধানৰ অন্তত অনুষ্ঠিত এই সন্মিলনত ৩০খন ৰাজ্যৰ ৰাজ্যিক নিৰ্বাচন আয়ুক্তসকলে অংশগ্ৰহণ কৰে। এই সন্মিলনৰ সভাপতিত্ব কৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। নিৰ্বাচন আয়ুক্ত ড° সুখবীৰ সিং সন্ধু আৰু ড° বিবেক যোশীও উপস্থিত থাকে।
এই সন্মিলনত নিৰ্বাচনী প্ৰক্ৰিয়া কেনেকৈ অধিক স্বচ্ছ আৰু ফলপ্ৰসূ কৰিব পাৰি সেই বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। ইচিনেট, ইভিএম, ভোটাৰ তালিকা ব্যৱস্থাপনা, আৰু প্ৰশিক্ষণৰ সুবিধাসমূহ ৰাজ্যসমূহৰ সৈতে ভাগ-বতৰা কৰাৰ বাবে সহমতত উপনীত হয়। ৰাজ্যিক নিৰ্বাচন আয়ুক্তসকলে কয় যে সঠিক আৰু শেহতীয়া ভোটাৰ তালিকাই গণতন্ত্ৰৰ ভেটি, আৰু স্বচ্ছ নিৰ্বাচনী প্ৰক্ৰিয়াই গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰে।
ৰাষ্ট্ৰীয় ঘোষণা ২০২৬ত এই কথাও উল্লেখ কৰা হৈছে যে নিৰ্বাচনী প্ৰক্ৰিয়াত একাকাৰীতা নিশ্চিত কৰিবলৈ পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচন সম্পৰ্কীয় আইনসমূহ সংসদ আৰু বিধানসভা নিৰ্বাচন সম্পৰ্কীয় বিধানৰ সৈতে সামঞ্জস্য কৰা হ’ব।
নিৰ্বাচন আয়োগে ৰাজ্যসমূহক ইয়াৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়। সন্মিলনত ৰাজ্যসমূহৰ পৰা লাভ কৰা পৰামৰ্শসমূহ পৰ্যালোচনা কৰিবলৈ আইনী আৰু কাৰিকৰী বিষয়াৰ যৌথ দল গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। এই দলটোৱে ৰাজ্যভিত্তিক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰি তিনিমাহৰ ভিতৰত আয়োগক দাখিল কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ