বিশ্বনাথত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ
বিশ্বনাথত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ।
বিশ্বনাথত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ


বিশ্বনাথ, ২৫ ফেব্ৰুৱাৰী (হি.স.): কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত

বিশ্বনাথৰ মোনাবাৰীত যোৱা কালি মঙলবাৰে সন্ধিয়া এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷

জানিব পৰা মতে লাহৰিজান বন শিৱিৰৰ বনৰক্ষীয়ে টহল দি থকা সময়তে বাঘটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে। ১০ দিন পূৰ্বে মৃত্যু হোৱা বাঘটো ২.৫ মিটাৰ দৈৰ্ঘ্যৰ প্ৰাপ্তবয়স্ক মাইকী বাঘ বুলি জানিব পৰা গৈছে ৷ বয়স হোৱাৰ বাবেই বাঘ জনীৰ মৃত্যু হোৱা বুলি বনবিষয়া ৰিতুবৰন বৰাই জানিবলৈ দিয়ে ৷ বাঘৰ নখ দাঁত সকলোবোৰ সংগ্ৰহ কৰি বাঘজনীক ঘটনাস্থলীতে দাহন কৰা হয় ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande