গৌৰৱ গগৈৰ বাসগৃহৰ বাহিৰত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ
দৰং, ২৫ ফেব্ৰুৱাৰী (হি.স.)। দলগাঁও বিধানসভা সমষ্টি ৰাইজৰ দললৈ এৰি দিয়াৰ আলোচনাৰ বিৰুদ্ধে মঙলবাৰে নিশা গৌৰৱ গগৈৰ বাসগৃহৰ বাহিৰত কংগ্ৰেছ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী কৰ্মীসকলে কয় যে দলগাঁও আসনত কংগ্ৰেছৰ এক শক্তিশালী ভিত্তি আ
Gaurav Gogoi गौरव गोगोई


দৰং, ২৫ ফেব্ৰুৱাৰী (হি.স.)। দলগাঁও বিধানসভা সমষ্টি ৰাইজৰ দললৈ এৰি দিয়াৰ আলোচনাৰ বিৰুদ্ধে মঙলবাৰে নিশা গৌৰৱ গগৈৰ বাসগৃহৰ বাহিৰত কংগ্ৰেছ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী কৰ্মীসকলে কয় যে দলগাঁও আসনত কংগ্ৰেছৰ এক শক্তিশালী ভিত্তি আছে আৰু সেইটো আন এটা দলৰ ওপৰত এৰি দিয়াটো স্থানীয় কৰ্মী আৰু সমৰ্থকৰ আৱেগৰ বিৰুদ্ধাচৰণৰ দৰে । আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থীক এই আসনৰ টিকট দিবলৈ দাবী জনায়।

আসনখন এৰিলে তৃণমূল পৰ্যায়ত দলৰ ক্ষতি হ’ব বুলি সকীয়াই দিয়ে । এই সিদ্ধান্ত পুনৰ বিবেচনা কৰি দলগাঁৱৰ ৰাইজৰ আৱেগক সন্মান জনাবলৈ দলৰ নেতৃত্বক আহ্বান জনায়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande