জাগীৰোড মহাবিদ্যালয়(স্বতন্ত্ৰ)ত সম্পন্ন হয় কেম্পাছ বাৰ্ড কাউণ্ট ২.০
মৰিগাঁও, ২৫ ফেব্ৰুৱাৰী (হি.স.)। জাগীৰোড মহাবিদ্যালয়(স্বতন্ত্ৰ)ত সম্পন্ন হয় কেম্পাছ বাৰ্ড কাউণ্ট ২.০ ৷ বিশ্বব্যাপী আয়োজন কৰা “গ্ৰেট বেকয়াৰ্ড বাৰ্ড কাউণ্ট” অৰ্থাৎ “চোতালৰ চৰাই গণনা” অভিযানৰ অংশ হিচাপে অনুষ্ঠিত হয় এই চৰাই গণনা প্ৰক্ৰিয়া ৷ গণনা কাৰ্
জাগীৰোড মহাবিদ্যালয়(স্বতন্ত্ৰ)ত সম্পন্ন হয় কেম্পাছ বাৰ্ড কাউণ্ট ২.০


মৰিগাঁও, ২৫ ফেব্ৰুৱাৰী (হি.স.)। জাগীৰোড মহাবিদ্যালয়(স্বতন্ত্ৰ)ত সম্পন্ন হয় কেম্পাছ বাৰ্ড কাউণ্ট ২.০ ৷ বিশ্বব্যাপী আয়োজন কৰা “গ্ৰেট বেকয়াৰ্ড বাৰ্ড কাউণ্ট” অৰ্থাৎ “চোতালৰ চৰাই গণনা” অভিযানৰ অংশ হিচাপে অনুষ্ঠিত হয় এই চৰাই গণনা প্ৰক্ৰিয়া ৷ গণনা কাৰ্যত জাগীৰোড মহাবিদ্যালয়(স্বতন্ত্ৰ)ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ এটা বৃহৎ দলে অংশগ্ৰহণ কৰে ৷ মহাবিদ্যালয়খনৰ চৌহদ আৰু ওচৰতে থকা তিৱা সাংস্কৃতিক কেন্দ্ৰ ছগ্ৰচালৰ পাহাৰত থকা চৰাইৰ বিভিন্ন প্ৰজাতি পৰ্যবেক্ষণ কৰি তথ্য সংগ্ৰহ কৰে আৰু “ই-বাৰ্ড” নামৰ ৱেব প’ৰ্টেলত আপলোড কৰে ।

এই “ই-বাৰ্ড” হৈছে “বাৰ্ড কাউণ্ট ইণ্ডিয়া”ৰ সমৰ্থিত আৰু আমেৰিকাৰ প্ৰখ্যাত “কৰ্নেল লেব অৱ অৰ্নিথ’লজী”ৰ দ্বাৰা নিয়ন্ত্ৰিত এক বিশ্বজনীন চৰাইৰ গণনা সুৰক্ষিত কৰা এক বিশেষ তথ্য ভাণ্ডাৰ । মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু ৱি ফাউণ্ডেশ্বন ইণ্ডিয়াৰ সহযোগত, ড° দীপ্তী ঠাকুৰিয়াৰ তত্বাৱধানত অনুষ্ঠিত কৰা হয় এই পক্ষী গণনা । এই কাৰ্যসূচীত প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অচিন্ত্য কুমাৰ কেওট, সহযোগী অধ্যাপক ড° উৎপল ৰাজগুৰু, সহকাৰী অধ্যাপিকা ৰাধিকা ৰিমাল আৰু উত্তৰ-পূব ভাৰতৰ সুপৰিচিত বন্যপ্ৰাণী জীৱবিজ্ঞানী ড° নিলোৎপল মহন্তই অংশ গ্ৰহণ কৰে। সমীক্ষাত মহাবিদ্যালয়ৰ চৌহদত ৩৩ টাতকৈও অধিক আৰু বনাঞ্চলত প্ৰায় ১৪ টা প্ৰজাতিৰ চৰাই গণনা কৰি নথি ভুক্ত কৰে। উল্লেখ্য যে, “গ্ৰেট বেকয়াৰ্ড বাৰ্ড কাউণ্ট” আৰু “কেম্পাছ বাৰ্ড কাউণ্ট-২০২৬”ৰ প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি ভাৰতে বিশ্বজুৰি দ্বিতীয় স্থান লাভ কৰিছে । বাৰ্ড কাউণ্ট ইণ্ডিয়াৰ তথ্য অনুসৰি চৰাইৰ বৈচিত্ৰ্য আৰু সক্ৰিয় অংশ গ্ৰহণৰ ক্ষেত্ৰত অসমে দেশৰ শীৰ্ষ তিনিখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে। চৰাই গণনা কাৰ্য সম্পন্ন কৰাৰ পিছত আয়োজন কৰা এক আলোচনা চক্ৰত ড° মহন্তই চৰাই চিনাক্তকৰণৰ পদ্ধতি, ক্ষেত্ৰ সমীক্ষাৰ নীতি, নৈতিক বন্যপ্ৰাণী নথিভুক্তকৰণ, ফটোগ্ৰাফীৰ মৌলিক কৌশল আৰু পদ্ধতিগত চৰাই গণনাৰ গুৰুত্বৰ বিষয়ে বিস্তৃত আলোচনা আগবঢ়ায় ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande