খাৰুপেটীয়াত কংগ্ৰেছৰ নেতা কৰ্মীৰ সমৰ্থকৰ পদত্যাগৰ হুংকাৰ
খাৰুপেটীয়াত কংগ্ৰেছৰ নেতা কৰ্মীৰ সমৰ্থকৰ পদত্যাগৰ হুংকাৰ ।
খাৰুপেটীয়াত কংগ্ৰেছৰ নেতা কৰ্মীৰ সমৰ্থকৰ পদত্যাগৰ হুংকাৰ


দৰং, ২৫ ফেব্ৰুৱাৰী (হি.স.): দৰং জিলাৰ খাৰুপেটীয়াত কংগ্ৰেছৰ নেতা কৰ্মী তথা সমৰ্থকসকলে পদত্যাগৰ হুংকাৰ দিছে । দলগাঁও সমষ্টি মিত্ৰজোটৰ ৰাইজৰ দলক এৰি দিয়াত দলগাঁও সমষ্টিত কংগ্ৰেছৰ বিদ্ৰোহ আৰম্ভ হৈছে।

উল্লেখ্য় যে ৫১ নং নং দলগাঁও সমষ্টিত বিৰোধী মিত্ৰজোটৰ ৰাইজৰ দলক এৰি দিয়াৰ বাবেই কংগ্ৰেছ নেতা কৰ্মীয়ে এই পদত্যাগৰ হুংকাৰ দিয়ে । যোৱা কালি মঙলবাৰে সন্ধিয়া সমষ্টিত শ শ নেতা কৰ্মীয়ে খাৰুপেটীয়াৰ ৰাজীৱ ভৱনত উপস্থিত হৈ ৰাইজৰ দলৰ প্ৰাৰ্থীত্ব মানি লোৱা নহ’ব, ৰাইজৰ দলৰ আজিজুৰ ৰহমানক মানি লোৱা নহ’ব, ৰাইজৰ দল হুচিয়াৰ, ইত্যাদি শ্লোগানেৰে ৰাজীৱ ভৱনৰ প্ৰাংগণ উত্তাল কৰি তোলে । কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে কংগ্ৰেছৰ দলপতি হাইকামাণ্ডক আহ্বান জনায় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande