বিজনীৰ বিধায়কৰ বিৰুদ্ধে ৰাইজৰ কোটি কোটি টকা লুণ্ঠন কৰাৰ ভয়ংকৰ অভিযোগ
বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ বিৰুদ্ধে ৰাইজৰ কোটি কোটি টকা লুণ্ঠন কৰাৰ ভয়ংকৰ অভিযোগ।
বিজনীৰ বিধায়কৰ বিৰুদ্ধে ৰাইজৰ কোটি কোটি টকা লুণ্ঠন কৰাৰ ভয়ংকৰ অভিযোগ


চিৰাং, ২৫ ফেব্ৰুৱাৰী (হি.স.): চিৰাং জিলাৰ বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ বিৰুদ্ধে ৰাইজৰ কোটি কোটি টকা লুণ্ঠন কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। জীৱন সাথী গ্ৰামীণ বিকাশ নিধি নামেৰে ভুৱা বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰি ৰাইজৰ কষ্টপাৰ্জিত সঞ্চিত ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে বিধায়ক অজয় কুমাৰ ৰায়ৰ বিৰুদ্ধে। বেংকটোত জমা ৰখা ধন ঘুৰাই নোপোৱাত গ্ৰাহকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

ঘটনাৰ বিবৰণী অনুসৰি ২০২০ চনত বিধায়ক অজয় কুমাৰ ৰায়ে সাতজন বন্ধুক লগত লৈ জীৱন সাথী গ্ৰামীণ বিকাশ নিধি লিমিটেড নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান খুলিছিল। বঙাইগাঁও আৰু বিজনীত দুটা শাখা কাৰ্যালয় স্থাপনৰে বিত্তীয় প্ৰতিষ্ঠানটোৱে ২০২১ চনৰ ৩১ ডিচেম্বৰৰ পৰা বিত্তীয় লেনদেন আৰম্ভ কৰে। সেই অনুসৰি অনুসৰি কম জমাত অধিক ধনৰ লাভৰ আশাত খেতিয়ক, শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী তথা দুখীয়া লোকে বিত্তীয় প্ৰতিষ্ঠানটোত ধন জমা কৰে।কিছুদিন বিত্তীয় প্ৰতিষ্ঠানটোৰ কাম কাজ ভালদৰেই চলে যদিও প্ৰতিষ্ঠানটোৰ কেইজনমান সদস্যই জমা ধনৰ হৰলুকি কৰাত বিত্তীয় প্ৰতিষ্ঠানটো ব্যাপক আৰ্থিক লোকচানৰ সন্মুখীন হয়। লাহে লাহে বিত্তীয় প্ৰতিষ্ঠানটোৱে গ্ৰাহকৰ জমা ধন ঘুৰাই দিব নোৱাৰা অৱস্থা হোৱাত ইয়াক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰাপ্ত তথ্য অনুসৰি জীৱন সাথী গ্ৰামীণ বিকাশ নিধি লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালকৰ দায়িত্বত আছিল বিধায়ক অজয় কুমাৰ ৰায়, নৃপেন বৰ্মন, সঞ্জয় কীৰ্তনীয়া আৰু ৰোশান নামৰ আন এজন ব্যক্তি। বিগত এটা দশক পূৰ্বে ৰাজ্যত বিভিন্ন ভুৱা বিত্তীয় প্ৰতিষ্ঠানে ৰাইজৰ ব্যাপক ধন লুণ্ঠন চলাই যোৱাৰ পিছত পুনৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি ৰাইজৰ কোটি কোটি টকা আত্মসাৎ কৰা কাৰ্যত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ নাম সাঙোৰ খোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিষয়টো সন্দৰ্ভত ২০২৫ চনৰ শেষৰ ফালে সঞ্চালক তথা বঙাইগাঁও শাখাৰ প্ৰবন্ধক সঞ্জয় কীৰ্তনীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল যদিও সম্প্ৰতি জামিনত ওলাই অহা বুলি জানিব পৰা গৈছে। কিন্তু বিত্তীয় প্ৰতিষ্ঠানটোত জমা কৰা ধন গ্ৰাহকক ঘুৰাই দিয়াৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা নহ'ল।

এনে পৰিপ্ৰেক্ষিতত চৰকাৰে হেঁচা প্ৰয়োগ কৰি হ'লেও দুখীয়া মানুহখিনিক টকা দিয়াৰ আহ্বান কৰি এজন বিধায়ক হৈ যদি ৰাইজৰ টকা লুণ্ঠন কৰে এইটো বৰ দুখজনক কথা বুলি মন্তব্য কৰে গ্ৰাহকসকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande