
ওদালগুৰি, ২৫ ফেব্ৰুৱাৰী (হি.স.): শাসনাধীষ্ঠ বিজেপি চৰকাৰে সন্দেহ জনক একাংশ লোকৰ অবৈধ ভূমি দখলদাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই থকাৰ পাচতে পুনৰ উত্থাপিত হৈছে ভূমি বেদখল অভিযোগ। ওৰঙৰ নিকটৱৰ্তী শোণিতপুৰ জিলাৰ বৰচলা মৌজাৰ ৪ বিঘা ১ কঠা ১৬ লেচা মাটি বেদখল কৰাৰ কৰা পোহৰলৈ আহিছে। ইফালে এয়া দাগ নম্বৰৰ খেলিমেলিৰ বিষয়ে প্ৰকাশ কৰিছে লাট মণ্ডলে।
শোণিতপুৰ জিলাৰ বৰচলা মৌজাৰ অন্তৰ্গত ভেৰগাঁৱৰ লক্ষী ছেত্ৰী নামৰ লোকজনৰ নামত থকা ৮৭ নং ম্যাদী পট্টাৰ ৩২৯ নং দাগৰ ৪ বিঘা ১ কঠা ১৬ লেচা ম্যাদী মাটিৰ বেদখলৰ অভিযোগ তুলি ঢেকীয়াজুলী ৰাজহ চক্ৰ বিষয়াক লিখিত আবেদন দিছিল লক্ষী ছেত্ৰী উত্তৰাধিকাৰী ৱাৰিছ টেগ বাহাদুৰ ছেত্ৰীয়ে। যোৱা ২০ ফ্ৰেব্ৰুৱাৰী ২০২৬ তাৰিখ শুক্ৰবাৰে প্ৰশাসনৰ উপস্থিতিত ঢেকীয়াজুলী ৰাজহ চক্ৰ বিভাগে বেদখলি ভূমিত উপস্থিত হৈ ৰঙা পতাকাৰে বেদখলীকৃত ভূমিৰ সীমা নিৰ্দ্ধাৰণ কৰে। সম্প্ৰতি বেদখলকাৰীৰ কবলত পৰিছে এই ভূমি। এই অঞ্চলত এসময়ত নেপালী লোকৰেই মাটি আছিল বুলি গাৱঁৰ লোকে প্ৰকাশ কৰে। একাংশ লোকৰ অত্যাচাৰত উক্ত অঞ্চল ত্যাগ কৰিছিল টেকবাহাদুৰ ছেত্ৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ