
গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী (হি.স.)।সোণাপুৰ চামতাৰ ফং-আৰিত ৫ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ ১৩ সংখ্যক আমৰি কাৰ্বি যুৱ উৎসৱ ২০২৬।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৭ মাৰ্চত মুকলি সভা। আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত অহা ৫,৬ আৰু ৭ মাৰ্চত সোণাপুৰ চামতাৰ ফং-আৰি ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰাঙ্গণত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ১৩তম ‘আমৰি কাৰ্বি যুৱ উৎসৱ–২০২৬’। আমৰি কাৰ্বি জনগোষ্ঠীৰ ঐতিহ্য, কৃষ্টি-সংস্কৃতি সংৰক্ষণ আৰু যুৱ সমাজৰ অন্তৰ্নিহিত প্ৰতিভা বিকাশৰ লক্ষ্যৰে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
আজি ফং-আৰি স্থিত আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি সভাপতি মহেন্দ্ৰ তাৰাং আৰু সম্পাদক ৰমেন কাঠাৰে এই সন্দৰ্ভত সবিশেষ জানিবলৈ দিয়ে। তেওঁলোকে কয় যে, মহোৎসৱ সফল কৰিবলৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি সম্পন্ন কৰা হৈছে আৰু বিশিষ্ট অতিথি-গণ্যমান্য ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হৈছে।
উৎসৱৰ প্ৰথম দিন ৫ মাৰ্চত পুৱা শুচিকৰণ অনুষ্ঠানৰ পিছতে পতাকা উত্তোলন, শহীদ স্মৰণ, সাংস্কৃতিক শোভাযাত্ৰা আৰু পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাৰে কাৰ্যসূচীৰ শুভাৰম্ভ হ’ব। ইয়াৰ উপৰি লোকগীত প্ৰতিযোগিতা, বিশেষ সম্বৰ্ধনা অনুষ্ঠান আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। দ্বিতীয় দিনা বৃক্ষৰোপণ কাৰ্যসূচী, সৰ্বদলীয় বৈঠক, পৰম্পৰাগত নৃত্য আৰু ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া বিশেষ আকর্ষণ হিচাপে কণ্ঠশিল্পী আকাংক্ষা ইংহিপীৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশিত হ’ব। উৎসৱৰ অন্তিম দিন ৭ মাৰ্চত দিনৰ ভাগত মুকলি অধিৱেশন অনুষ্ঠিত হ’ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি আয়োজকসকলে প্ৰকাশ কৰে। লগতে কেইবাজনো মন্ত্ৰী, স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিনিধি আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে। সংবাদমেলত আয়োজকসকলে বৃহত্তৰ ৰাইজক উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অনুষ্ঠানৰ সকলো কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / Narayan Kar