
ধুবুৰী, ২৪ ফেব্ৰুৱাৰী (হি.স.)। গোলকগঞ্জৰ বানিয়ামাৰিত আজি সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন যুৱকৰ। ১২৭ (বি) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো। দ্ৰুতগতিত থকা অচিনাক্ত বাহনে খুন্দামাৰি পলায়ন কৰে । ততাতৈয়াকৈ মটেৰঝাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত নিয়া হয় যদিওঁ চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
মৃত যুৱক জনক হাসিবুলল জামান শিকাৰী (পাক্কু) । ইতিমধ্যে ঘটনা স্থলীত গোলোকগঞ্জ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ