
নলবাৰী, ২৪ ফেব্ৰুৱাৰী (হি.স.)। মুকালমুৱা আৰু ভাঙনামাৰী আৰক্ষীৰ যুটীয়া অভিযানত আজি ৪ জন কুখ্যাত নাৰী সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে। এগৰাকী সাহসী যুৱতীৰ তৎপৰতাৰ বাবেই পোহৰলৈ আহে অঞ্চলটোৰ ভাঙনামাৰী চৰৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী যুৱতীক বহিঃৰাজ্যত বিক্ৰী কৰি দিয়া হৈছিল।
যুৱতী গৰাকীয়ে অতি সাহসেৰে গোপনে ঘৰলৈ ফোন কৰি নিজৰ অৱস্থান আৰু অপৰাধীৰ বিষয়ে জনোৱাত পৰিয়ালে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। এজাহাৰত উল্লেখ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে চক্ৰটোৰ ৪ জন সদস্যক আটক কৰে। ধৃত অভিযুক্ত সকল জয়নাল আলী (৩৯), নায়া আলী (৫৫), ৰাকিবুল আলী (১৯) আৰু হাফিজুল ৰহমান (২২)। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত কেইজনক জেল-হাজোতলৈ প্ৰেৰণ কৰিছে আৰু ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ এই তৎপৰতাক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ