
দৰং, ২৪ ফেব্ৰুৱাৰী (হি.স.)। দলগাঁৱৰ বেছিমাৰীত দুজন গভাইত চোৰক আটক কৰে দলগাঁও আৰক্ষীয়ে। বেছিমাৰীত দোকান এখনত চোৰে চলাইছিলে চাফাই অভিযান। পিছত অনুসন্ধান চলাই দলগাঁও আৰক্ষীয়ে বেছিমাৰীৰ পৰা আটক কৰে চোৰ দুজনক ।আটকাধীন চোৰ দুজন হবিবুৰ ৰহমান আৰু সাহামত আলি বুলি জানিব পৰা গৈছে। দুয়ো জনৰে ঘৰ বেছিমাৰিত বুলি জানিব পৰা গৈছে।
চোৰ দুজনৰ জিম্মাৰ পৰা গেছৰ চিলিণ্ডাৰ তিনিটা, মটৰ চাৰিটা উদ্ধাৰ কৰে দলগাঁও আৰক্ষীয়ে। দলগাঁও আৰক্ষীয়ে গোছৰ ৰুজু কৰি কাৰাগাৰালৈ প্ৰেৰণ কৰে চোৰ দুজনক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ