
কলকাতা, ২৪ ফেব্ৰুৱাৰী (হি.স.)। পশ্চিম বংগৰ শাসকীয় তৃণমূল কংগ্ৰেছে ঝাৰখণ্ডৰ চতৰা জিলাত সংঘটিত হোৱা এয়াৰ এম্বুলেন্স দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ঘটনাৰ নিৰপেক্ষ আৰু স্বচ্ছ তদন্তৰ দাবী জনায়।
মঙলবাৰে ছ’চিয়েল মিডিয়াত তৃণমূল কংগ্ৰেছে এক বিবৃতি প্ৰকাশ কৰি কয় যে ঝাৰখণ্ডৰ চতৰা জিলাত ৭ জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ কৰুণ এয়াৰ এম্বুলেন্স দুৰ্ঘটনাটো গভীৰভাৱে যন্ত্ৰণাদায়ক। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ দলটোৱে গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে এই শোকৰ ঘণ্টাত তেওঁলোকৰ সৈতে সংহতি প্ৰকাশ কৰে।
দুৰ্ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক এক বিস্তৃত, নিৰপেক্ষ, আৰু স্বচ্ছ তদন্ত কৰিবলৈ আৰু ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ বাবে শক্তিশালী সুৰক্ষা ব্যৱস্থা ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায়।
উল্লেখযোগ্য যে ৰেডবাৰ্ড এয়াৰৱেজ প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত বিচক্ৰাফ্ট চি ৯০ এয়াৰ এম্বুলেন্সখন সোমবাৰে সন্ধিয়া ৰাঞ্চিৰ পৰা দিল্লী অভিমুখে ৰাওনা হয়। উৰণৰ কিছু সময়ৰ পাছতে ঝাৰখণ্ডৰ চতৰা জিলাৰ বৰিয়াটু পঞ্চায়ত এলেকাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বিমানখনত থকা সাতজন লোকেই মৃত্যুক সাৱটি লয়। ৰাঁচী বিমানবন্দৰৰ পৰা সন্ধিয়া ৭:১১ বজাত উৰা মাৰি নিশা প্ৰায় ৭:৩০ বজাত নিৰুদ্দেশ হয় বিমানখন। যাত্ৰাৰ প্ৰায় ২০ মিনিট পিছতে বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়।
ৰাঁচী বিমানবন্দৰৰ সঞ্চালক বিনোদ কুমাৰে কয় যে বেয়া বতৰ এই দুৰ্ঘটনাৰ সম্ভাৱ্য কাৰণ হ’ব পাৰে যদিও ইয়াৰ সঠিক কাৰণ বিশদ তদন্তৰ পিছতহে জানিব পৰা যাব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী