

হায়দৰাবাদ, ২৪ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান শিৱধৰ ৰেড্ডীৰ উপস্থিতিত মঙলবাৰে তেলেংগানাত নিষিদ্ধ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাওবাদী)ৰ চাৰিজন জ্যেষ্ঠ কেডাৰে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহে।
আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাসকলৰ ভিতৰত আছে পলিটব্যুৰোৰ সদস্য টিপিৰি তিৰুপতি ওৰফে দেৱজী ওৰফে কুম্মা দাদা, কেন্দ্ৰীয় সমিতিৰ সদস্য মল্লৰাজী ৰেড্ডী ওৰফে সংগ্ৰাম ওৰফে ৰঙাৰাম, তেলেংগানা ৰাজ্যিক সমিতিৰ সম্পাদক বদে চোক্কা ৰাও ওৰফে দামোদৰ ওৰফে জগান, আৰু ৰাজ্যিক সমিতিৰ সদস্য নুন নৰসিংহ ৰেড্ডী ওৰফে গংগন্না ওৰফে ৰান্না দাদা।
ডিজিপি শিৱাধৰ ৰেড্ডীয়ে সংবাদমেলত উল্লেখ কৰে যে বিগত দুবছৰত মুঠ ৫৯১জন মাওবাদী মূলসুঁতিলৈ ঘূৰি আহিছে। ইয়াৰ ভিতৰত চাৰিজন কেন্দ্ৰীয় সমিতিৰ সদস্য, ১৬ জন ৰাজ্যিক সমিতিৰ সদস্য, ২৬ জন সংমণ্ডল সমিতিৰ সদস্য আৰু সম্পাদক, ৮৫ জন এচিএছ, আৰু ৬০ জন অন্যান্য সক্ৰিয় সদস্য। তেওঁ কয় যে তেলেংগানাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা ১১ জন মাওবাদী এতিয়াও আত্মগোপন কৰি আছে, ইয়াৰে কিছুমানে আলোচনাত মিলিত হৈছে আৰু অতি সোনকালে আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে।
ডিজিপিয়ে উল্লেখ কৰে যে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰেভান্থ ৰেড্ডীৰ আহ্বানৰ পিছত বহু মাওবাদীয়ে হিংসা ত্যাগ কৰি জনজীৱনলৈ ঘূৰি অহাৰ ইচ্ছা প্ৰকাশ কৰিছে। আত্মসমৰ্পণ কৰাসকলক চৰকাৰে ততাতৈয়াকৈ ঘোষণা কৰা পুৰস্কাৰ আৰু পুনসংস্থাপনৰ পেকেজ প্ৰদান কৰিব। তেওঁ উল্লেখ কৰে যে চৰকাৰৰ নীতি স্পষ্ট: যিসকলে অস্ত্ৰ ত্যাগ কৰে তেওঁলোকক এটা মৰ্যাদাপূৰ্ণ জীৱন দিয়া হ’ব।
এই উপলক্ষে ডিজিপিয়ে বিশেষ চোৰাংচোৱা বিভাগৰ মহাপৰিদৰ্শক (আই জি) সুমাথি আৰু তেওঁৰ দলটোক আত্মসমৰ্পণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে প্ৰশংসা কৰে। লগতে চোৰাংচোৱা সঞ্চালক প্ৰধান বিজয় কুমাৰকো অভিনন্দন জনায়।
পলিটব্যুৰোৰ সদস্য দেৱজী ওৰফে টিপিৰি তিৰুপতিৰ আত্মসমৰ্পণক মাওবাদী আন্দোলনৰ বাবে এক বৃহৎ আঘাত বুলি বিবেচিত হৈছে। তিৰুপতি জগটিয়াল জিলাৰ কোৰুতলাৰ আম্বেদকাৰ নগৰৰ বাসিন্দা। ১৯৮৩ চনত তেওঁ মাওবাদী আন্দোলনত যোগদান কৰি ক্ৰমান্বয়ে সংগঠনটোৰ ভিতৰতে শীৰ্ষ পদবীলৈ উন্নীত হয়। দক্ষিণ ভাৰতত তেওঁ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এন আই এ) মষ্ট ৱাণ্টেড লিষ্টতো তিৰুপতী স্থান লাভ কৰিছে। সংগঠনৰ ভিতৰতে তেওঁক সঞ্জীৱ, চেতন, ৰমেশ, সুদৰ্শন, দেৱান্না আদি নামেৰেও পৰিচিত আছিল।
আৰক্ষীৰ মতে, ২০১০ চনৰ এপ্ৰিল মাহত মাওবাদীৰ দণ্ডেৱাড়াত সংঘটিত হোৱা মাওবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড তিৰুপতী বুলি অনুমান কৰা হৈছে, য’ত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৭৪ জন জোৱান শ্বহীদ হৈছিল। নম্বলা কেশৱ ৰাওৰ মৃত্যুৰ পিছত ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত তিৰুপতীক সংগঠনটোৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁৰ আত্মসমৰ্পণৰ পিছতে নিৰাপত্তা সংস্থাসমূহে বিশ্বাস কৰে যে ৰাজ্যখনত এতিয়া নক্সালবাদৰ অন্ত পৰাৰ ওচৰ চাপিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া