
চিৰাং ২৪ ফেব্ৰুৱাৰী (হি.স.)। বিজনীত আৰক্ষীৰ ওপৰত আক্ৰমণ। আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা ৬ জন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ বিজনী আৰক্ষীৰ। ধৃত আক্ৰমণকাৰী ছয়জন ক্ৰমে আব্দুল ছালাম, আলী হুছেইন, নুৰেজা বেগম, আব্দুল লতিফ, শ্বাহজামাল আলী আৰু ছহাদত আলী। আৰক্ষীৰ কৰ্তব্য পালনত বাধা প্ৰদান এই ধৰণৰ বেআইনী কাম সহ্য কৰা নহব বুলি মন্তব্য চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ।
যিহেতু আৰক্ষীক আক্ৰমণ কৰিছে, এইবিলাক সহ্য কৰা নহব। এই সম্পৰ্কে আৰক্ষীৰ ফালৰ পৰা এটা নিজাববীয়াকৈ গোচৰ ৰূজু কৰি ৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে। এজন পলাতক আছে, কিমানদিন পলাতক থাকিব বুলি মন্তব্য জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ