বিটিচিৰ বিশেষ বাজেট অধিবেশন
কোকৰাঝাৰ, ২৪ ফেব্ৰুৱাৰী (হি.স.)। বিটিচিৰ বিশেষ বাজেট অধিবেশন ৷বিটিচি বিধান পৰিষদীয় ভৱনত মংগলবাৰে দিনজোৰা কাৰ্যসূচীৰে বিটিচিৰ বিশেষ বাজেট অধিবেশন অনুষ্ঠিত হৈ যায় ৷ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত আৰম্ভ হোৱা বিশেষ বাজেট অধিবেশনৰ দিনজোৰা কাৰ্যসূচী আজি প্ৰশ্
বিটিচিৰ বিশেষ বাজেট অধিবেশন


কোকৰাঝাৰ, ২৪ ফেব্ৰুৱাৰী (হি.স.)। বিটিচিৰ বিশেষ বাজেট অধিবেশন ৷বিটিচি বিধান পৰিষদীয় ভৱনত মংগলবাৰে দিনজোৰা কাৰ্যসূচীৰে বিটিচিৰ বিশেষ বাজেট অধিবেশন অনুষ্ঠিত হৈ যায় ৷ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত আৰম্ভ হোৱা বিশেষ বাজেট অধিবেশনৰ দিনজোৰা কাৰ্যসূচী আজি প্ৰশ্নকালিন শিতানেৰে আৰম্ভ কৰা হয় ৷

প্ৰশ্ন কালিন শিতানৰ অন্তত বিটিচিৰ বিত্ত বিভাগৰো দায়িত্বত থকা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অহা চাৰি মাহ অৰ্থাৎ এপ্ৰিলৰ পৰা জুলাই মাহৰ বাবে ১০১ কৌটি ২০ লাখ টকাৰ পৰিপূৰক ( অতিৰিক্ত ) বাজেট সদনত দাখিল কৰে ৷আলোচনাৰ অন্তত ১০১ কৌটি ২০ লাখ টকাৰ পৰিপূৰক বাজেট সদনৰ সৰ্বসন্মতিমৰ্মে গৃহীত কৰা হয় ৷আনহাতে প্ৰশ্ন কালিন শিতানত আজি সদনত বিৰোধী আৰু শাসক পক্ষৰ কেইবাগৰাকী পাৰিষদে বিভন্ন বিষয়কলৈ সদন প্ৰশ্ন কৰা পৰিলক্ষিত হয় ৷

আনহাতে বিটিচিৰ বাগছা জিলাত এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অনুমোদন জনাইছে আৰু চিৰাং জিলাত নতুনকৈ কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিটিচিক প্ৰস্তাৱ আগবঢ়াইছে বুলি আজি শাসক পক্ষই সদনক অবগত কৰা বুলি সংবাদমাধ্যমৰ আগত জানিবলৈ দিছে বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীয়ে ৷

ইপিনে প্ৰশ্নকালিন শিতানত পাৰিষদ ৰিদীপ কুমাৰ দেকাই সোধা এক প্ৰশ্নৰ বিপৰীতে শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে যোৱা পাঁচ বছৰত বাগছা আৰু তামুলপুৰ জিলাত উচ্চতৰ মাধ্যমিক , হাইস্কুল , মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়ত কোনো আৰ্থিক অনুদান দিয়া নাই বুলি দিয়া উত্তৰত অসন্তুষ্টি প্ৰকাশ কৰিছে বিৰোধী দল ইউপিপিএলৰ পাৰিষদ দাওবাইছা বড়োই ৷উল্লেখ্য যে বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অধিবশনত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী , উপমুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰী সহ শাসকীয় প্ৰায়ভাগ কাৰ্যৱাহী সদস্য, পাৰিষদ আৰু বিৰোধী পাৰিষদ সকল উপস্থিত থাকে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande