
নতুন দিল্লী, ২৪ ফেব্ৰুৱাৰী (হি.স.)। কেন্দ্ৰীয় চৰকাৰে নিধি ছিব্বৰক নিটি আয়োগৰ আয়োগৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) হিচাপে নিযুক্তি দিছে । বৰ্তমান তেওঁ নিটি আয়োগৰ উন্নয়ন নিৰীক্ষণ আৰু মূল্যায়ন কাৰ্যালয় (ডিএমইঅ’)ৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
চৰকাৰী সূত্ৰই জনোৱা মতে, মঙলবাৰে জ্যেষ্ঠ আমোলা নিধি ছিব্বৰক নিটি আয়োগৰ চিইঅ’ৰ অতিৰিক্ত দায়িত্ব দিয়া হয়। বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া বি.ভি.আৰ সুব্ৰহ্মণ্যমে আজি তিনি বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত চৰকাৰে তেওঁক নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিছে।
১৯৯৪ চনৰ ছত্তীশগড় কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া ছিব্বৰে কেৰিয়াৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ আহিছে। বৰ্তমান ছিব্বৰে নিটি আয়োগৰ উন্নয়ন নিৰীক্ষণ আৰু মূল্যায়ন কাৰ্যালয়ৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
ইয়াৰ পূৰ্বে তেওঁ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, য’ত তেওঁ বৃহৎ সংস্কাৰ আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ তদাৰক কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ