
কাঠমাণ্ডু, ২৪ ফেব্ৰুৱাৰী (হি.স.)। আমেৰিকাৰ ফেয়াৰফেক্স কাউন্টিত পত্নী, কন্যা আৰু জোঁৱাইক হত্যা কৰাৰ পিছত আমেৰিকা আৰক্ষীয়ে সংঘৰ্ষত গুলীয়াই হত্যা কৰে এজন নেপালী লোকক।
ছাত্ৰ বাহাদুৰ থাপাই জোঁৱাই ৩৫ বছৰীয়া সন্তোষ কুমাৰ থাপা, পত্নী ৫১ বছৰীয়া বিন্দা থাপা আৰু কন্যা ৩১ বছৰীয়া মমতা থাপাৰ সৈতে মন্তুৱাৰ সমীপৰ এটা এপাৰ্টমেণ্টত বাস কৰিছিল। সোমবাৰে পুৱা ৫ বজাৰ ওচৰত পত্নী, কন্যা আৰু জোঁৱাইক দাৰে আক্ৰমণ কৰাৰ অভিযোগ। পিছত চিকিৎসালয়লৈ যোৱাৰ পথত তেওঁলোকৰ মৃত্যু হয়।
ফেয়াৰফেক্স কাউন্টিৰ আৰক্ষী অধীক্ষক কেভিন ডেভিছৰ মতে, যেতিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়, তেতিয়া থাপাই নিজৰ শহুৰেকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আছিল। আৰক্ষীয়ে বাৰে বাৰে তেওঁক অস্ত্ৰটো পেলাবলৈ কয় যদিও তেওঁ মানি নল’লে এজন বিষয়াই গুলীচালনা কৰে। আৰক্ষীৰ গুলীত তেওঁক ঘটনাস্থলীতে মৃত ঘোষণা কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, ঘৰৰ ভিতৰত থকা এবছৰীয়া শিশু এটাক নিৰাপদে উদ্ধাৰ কৰি শিশু সুৰক্ষা সেৱাৰ হাতত গতাই দিয়া হৈছে। আৰক্ষীয়ে জনোৱা মতে, প্ৰাথমিক তদন্তত পৰিয়ালটোৰ বিৰুদ্ধে পূৰ্বৰ কোনো আৰক্ষী অভিযোগ বা অপৰাধজনিত অভিলেখ প্ৰকাশ পোৱা নাই, আৰু এই কাণ্ডৰ আঁৰৰ উদ্দেশ্যৰ প্ৰাৰম্ভিক তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী