
নতুন দিল্লী, ২৪ ফেব্ৰুৱাৰী (হি.স.)। যোৱা সপ্তাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা এআই সন্মিলনৰ সামৰণিত জাৰি কৰা ‘নতুন দিল্লী ঘোষণা’ই ইতিমধ্যে ৯১খন দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সমৰ্থন লাভ কৰিছে।
ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই মঞ্চৰ জৰিয়তে ভাৰতে ন্যায্য প্ৰৱেশ আৰু বিশ্ব সহযোগিতাৰ ওপৰত ভিত্তি কৰি ‘সকলোৰে বাবে এ আই’ৰ দৃষ্টিভংগীক প্ৰসাৰিত কৰাত সফলতাৰে আগবাঢ়িছে। ২১ ফেব্ৰুৱাৰীলৈকে ৮৮খন দেশ আৰু দুটা প্ৰধান আন্তঃৰাষ্ট্ৰীয় সংস্থা (ইউৰোপীয় সংঘ আৰু আন্তঃৰাষ্ট্ৰীয় কৃষি উন্নয়ন পুঁজি) এই ঘোষণাত সন্মতি প্ৰকাশ কৰিছিল। এই ভাগ-বতৰা কৰা বিশ্ব দৃষ্টিভংগীক সমৰ্থন কৰা দেশসমূহৰ ভিতৰত আছে আমেৰিকা, যুক্তৰাজ্য, ৰাছিয়া, চীন, ফ্ৰান্স, জাৰ্মানী, জাপান, দক্ষিণ কোৰিয়া, ব্ৰাজিল, চৌদি আৰব, আৰু ইউ এ ইৰ দৰে শক্তিশালী ৰাষ্ট্ৰসমূহ।
শেহতীয়া আপডেট অনুসৰি এই ঘোষণাপত্ৰত আৰু তিনিখন দেশে যোগদান কৰিছে: বাংলাদেশ, কোষ্টা ৰিকা, আৰু গুৱেটামালা, যাৰ ফলত মুঠ স্বাক্ষৰকাৰীৰ সংখ্যা ৯১খন দেশ আৰু সংগঠনলৈ বৃদ্ধি পাইছে।
ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মতে, এই ঘোষণাই সাতটা মূল কৃতিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে: গণতান্ত্ৰিক প্ৰসাৰণৰ ঘোষণা, গ্ল’বেল ইমপেক্ট শ্বেয়াৰিং প্লেটফৰ্ম, বিশ্বাসযোগ্য চিষ্টেম শ্বেয়াৰিং ৰিপ’জিটৰী, বৈজ্ঞানিক সহযোগিতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক, ছ’চিয়েল এম্পাৱাৰমেণ্ট প্লেটফৰ্ম, ৱৰ্কফৰ্চ ডেভেলপমেণ্ট গাইড, আৰু নমনীয় আৰু দক্ষ এআইৰ বাবে নিৰ্দেশক নীতি।
এই ঘোষণাই আন্তঃগাঁথনিৰ সুলভ সুবিধা নিশ্চিত কৰিব, যাৰ ফলত উন্নয়নশীল দেশসমূহে নিজৰ স্থানীয় প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি উদ্ভাৱন কৰিবলৈ সক্ষম হ’ব। স্বাস্থ্য, শিক্ষা, কৃষিৰ দৰে জটিল খণ্ডত এআইৰ ব্যৱহাৰৰ জৰিয়তে ডাঙৰ প্ৰত্যাহ্বানসমূহৰ সামূহিক সমাধান বিচাৰি উলিওৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী