ইজৰাইলৰ সংসদত মোডীৰ ভাষণ বৰ্জন কৰিব বিৰোধী
জেৰুজালেম, ২৪ ফেব্ৰুৱাৰী (হি.স.)। ইজৰাইলৰ বিৰোধী দলসমূহে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ সময়ত ইজৰাইলৰ সংসদত দিয়া ভাষণ বৰ্জন কৰাৰ কথা ঘোষণা কৰিছে। ইজৰাইলৰ এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে নেচেটৰ অধ্যক্ষ আমিৰ ওহানাই দেশখনৰ
ইজৰাইলৰ সংসদত মোডীৰ ভাষণ বৰ্জন কৰিব বিৰোধী


জেৰুজালেম, ২৪ ফেব্ৰুৱাৰী (হি.স.)। ইজৰাইলৰ বিৰোধী দলসমূহে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ সময়ত ইজৰাইলৰ সংসদত দিয়া ভাষণ বৰ্জন কৰাৰ কথা ঘোষণা কৰিছে।

ইজৰাইলৰ এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে নেচেটৰ অধ্যক্ষ আমিৰ ওহানাই দেশখনৰ উচ্চতম ন্যায়ালয়ৰ সভাপতি য়িজাক অমিতক প্ৰধানমন্ত্ৰী মোডীৰ ভাষণলৈ নিমন্ত্ৰণ কৰা নাছিল। বিৰোধী দলসমূহে এই সিদ্ধান্তক ন্যায়পালিকাৰ প্ৰতি অৱজ্ঞা আৰু উপেক্ষা হিচাপে লয়, আৰু সেয়েহে, তেওঁলোকে নেচেটৰ এই বিশেষ অধিবেশন বৰ্জনৰ ঘোষণা কৰিছে।

খবৰ অনুসৰি ইজৰাইলৰ সংসদত বিৰোধী সদস্যৰ অনুপস্থিতিৰ ফলত প্ৰায় আধা সদন খালী হৈ পৰিব, যিটো প্ৰধানমন্ত্ৰী মোডীৰ বাবে ভাল বাৰ্তা নহ’ব। ইজৰাইলৰ শাসকীয় দলৰ মতে ইয়াৰ দ্বাৰা ভ্ৰমণকাৰী নেতাগৰাকীলৈ ভুল কূটনৈতিক বাৰ্তা প্ৰেৰণ হ’ব পাৰে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে বিৰোধীয়ে ভাৰতৰ দৰে বন্ধুত্বপূৰ্ণ দেশ এখনক ঘৰুৱা ৰাজনীতিত বোকা দলিওৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমিৰ ওহানাই নেচেটৰ খালী আসন পূৰণৰ বাবে প্ৰাক্তন সাংসদসকলক আমন্ত্ৰণ জনোৱাৰ কথা চিন্তা কৰিছে।

ইফালে বিৰোধী নেতা য়াইৰ লাপিদে স্পষ্ট কৰি দিয়ে যে তেওঁৰ বিৰোধিতা ভাৰত বা প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে নহয়। তেওঁ নিজৰ দেশৰ প্ৰধানমন্ত্ৰী নেতান্যাহুক উচ্চতম ন্যায়ালয়ৰ অধ্যক্ষ ইত্জাক অমিতক নিমন্ত্ৰণ কৰিবলৈ আহ্বান জনায় যাতে বিৰোধীয়ে প্ৰধানমন্ত্ৰী মোডীৰ ভাষণত উপস্থিত থাকিব পাৰে।

চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত একাংশ বিশ্লেষকে আঙুলিয়াই দিয়ে যে উচ্চতম ন্যায়ালয়ৰ অধ্যক্ষক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মেলাইৰ দৰে নেতাই ভাষণলৈ নিমন্ত্ৰণ কৰা নাছিল যদিও বিৰোধীয়ে সেইবোৰ বৰ্জন কৰা নাছিল। এতিয়া বিৰোধীৰ এই অস্বাভাৱিক জোৰ দি ভাৰত-ইজৰাইলৰ সম্পৰ্কৰ ক্ষতি কৰিব পাৰে।

প্ৰধানমন্ত্ৰী মোডীয়ে ২৫ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়াকৈ ইজৰাইল ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ সৈতে বিস্তৃত দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু ইজৰাইলৰ সংসদ নেচেটত ভাষণ দিব। চৰকাৰী তথ্য অনুসৰি বুধবাৰে স্থানীয় সময় অনুসৰি পুৱা ১২:৪৫ বজাত টেল আভিভত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী। আহি পোৱাৰ লগে লগে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে চমুকৈ বৈঠকত মিলিত হ’ব। প্ৰথম দিনাই নেচেটত ভাষণ দিয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় মূলৰ লোকৰ সৈতে সামূহিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু প্ৰযুক্তি প্ৰদৰ্শনী পৰিদৰ্শন কৰিব। সন্ধিয়া তেওঁ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে আয়োজন কৰা ব্যক্তিগত ৰাতিৰ আহাৰত অংশগ্ৰহণ কৰিব।

এই ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ ২৬ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে জেৰুজালেমৰ যাদ ভাশ্বেম ভ্ৰমণ কৰি নাজী নিৰ্যাতনত নিহত লাখ লাখ ইহুদীৰ স্মৃতি ৰক্ষা কৰা হ’ল’কাষ্ট মেম’ৰিয়েলত শ্ৰদ্ধাঞ্জলি জনাব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande