
নতুন দিল্লী, ২৪ ফেব্ৰুৱাৰী (হি.স.)। গহনা প্ৰস্তুত কৰা কোম্পানী পিএনজিএছ ৰেভা ডাইমণ্ড জুৱেলাৰী লিমিটেডৰ আইপিঅ’ আজি চাবস্ক্ৰিপচনৰ বাবে মুকলি কৰা হয়। ২৬ ফেব্ৰুৱাৰীলৈকে নিবিদা দিব পাৰিব।ইছ্যু বন্ধ হোৱাৰ পিছত ২৭ ফেব্ৰুৱাৰীত শ্বেয়াৰ আবণ্টন কৰা হ’ব, ২ মাৰ্চত ডিমেট একাউণ্টত শ্বেয়াৰ আবণ্টন হ’ব।৪ মাৰ্চত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হোৱাৰ সম্ভাৱনা আছে।দুপৰীয়া ১২ তাৰিখলৈকে কোম্পানীটোৰ আইপিঅ’ই মাত্ৰ ০.০৫ শতাংশ চাবস্ক্ৰিপচন লাভ কৰিছিল।
এই আই পি অ’ত নিবিদাৰ বাবে মূল্যৰ বেণ্ড প্ৰতি শ্বেয়াৰত ৩৬৭ টকাৰ পৰা ৩৮৬ টকা নিৰ্ধাৰণ কৰা হৈছে, য’ত লট আকাৰ ৩২ টা শ্বেয়াৰ। ৰেভা ডাইমণ্ড জুৱেলাৰী লিমিটেডৰ এই আই পি অ’ত খুচুৰা বিনিয়োগকাৰীয়ে নূন্যতম এটা লট অৰ্থাৎ ৩২টা শ্বেয়াৰৰ বাবে নিবিদা দিব লাগিব, যাৰ বাবে তেওঁলোকে ১২,৩৫২ টকা বিনিয়োগ কৰিব লাগিব। খুচুৰা বিনিয়োগকাৰীয়ে সৰ্বাধিক ১৬টা লট অৰ্থাৎ ৫১২টা শ্বেয়াৰৰ বাবে নিবিদা দিব পাৰিব, যাৰ বাবে তেওঁলোকে ১,৯৭,৬৩২ টকা বিনিয়োগ কৰিব লাগিব। এই আই পি অ’ৰ অধীনত ১০ টকাকৈ মুদ্ৰা মূল্যৰ ৯৮,৪৪,৫৫৯টা নতুন শ্বেয়াৰ জাৰি কৰা হৈছে।
এই আই পি অ’ত ৭৫ শতাংশ শ্বেয়াৰ অৰ্হতাসম্পন্ন প্ৰতিষ্ঠানিক ক্ৰেতা (কিউ আই বি)ৰ বাবে সংৰক্ষিত কৰা হৈছে। ইয়াৰ ভিতৰত এংকৰ বিনিয়োগকাৰীৰ বাবে ৪৪.৯৪ শতাংশ অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও ১০ শতাংশ খুচুৰা বিনিয়োগকাৰীৰ বাবে আৰু ১৫ শতাংশ অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এন আই আই)ৰ বাবে সংৰক্ষিত। এই বিষয়টোৰ বাবে বুক ৰানিং লিড মেনেজাৰ হিচাপে স্মাৰ্ট হৰাইজন কেপিটেল এডভাইজাৰ্ছ প্ৰাইভেট লিমিটেডক নিযুক্তি দিয়াৰ বিপৰীতে বিগশ্বেয়াৰ চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডক পঞ্জীয়ক হিচাপে নিযুক্তি দিয়া হৈছে।
আই পি অ’ আৰম্ভ হোৱাৰ এদিন পূৰ্বে সোমবাৰে ৰেভা ডাইমণ্ড জুৱেলাৰীয়ে এংকৰ বিনিয়োগকাৰীৰ পৰা ১৭০.৫৮ কোটি টকা সফলতাৰে সংগ্ৰহ কৰে। কোম্পানীটোৱে ১৬ জন এংকৰ বিনিয়োগকাৰীক মুঠ ৪৪.১৯ লাখ শ্বেয়াৰ আবণ্টন দিছিল প্ৰতি শ্বেয়াৰৰ মূল্য ৩৮৬ ₹। কোম্পানীটোৰ এংকৰ বুকখনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে কেইবাজনো ডাঙৰ বিনিয়োগকাৰীয়ে। টাটা ইণ্ডিয়া কনজিউমাৰ ফাণ্ডে ₹৪০ কোটি বিনিয়োগেৰে সৰ্বাধিক ১০.৩৬ লাখ শ্বেয়াৰ ক্ৰয় কৰিছে। একেদৰে টাইগাৰ ষ্ট্ৰেটেজিছ ফাণ্ডে ২৪ কোটি ₹ বিনিয়োগ কৰিছে, আৰু চেজৱান ফ্লেগশ্বিপ গ্ৰ’থ ফাণ্ডে ২০ কোটি ₹ বিনিয়োগ কৰিছে। ইয়াৰ উপৰিও গ্ৰ’ মিউচুৱেল ফাণ্ড, চিটি গ্ৰুপ গ্ল’বেল, আৰু ছ’চাইটি জেনেৰেলৰ দৰে বিশিষ্ট বিনিয়োগকাৰীয়েও কোম্পানীটোৰ এংকৰ বুকত যোগদান কৰিছে।
কোম্পানীটোৰ বিত্তীয় অৱস্থাৰ সন্দৰ্ভত ক’বলৈ গ’লে কোম্পানীটোৰ বিত্তীয় স্বাস্থ্যৰ উঠা-নমা হৈ আহিছে, যিটো মূলধনী বজাৰ নিয়ন্ত্ৰক ছেবিক দাখিল কৰা খচৰা ৰেড হেৰিং প্ৰস্পেক্টচ (ডি আৰ এইচ পি)ত দাবী কৰা হৈছে। ২০২২-২৩ বিত্তীয় বৰ্ষত কোম্পানীটোৰ নিকা লাভ ৫১.৭৫ কোটি টকা, যিটো পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২৩-২৪ত ৪২.৪১ কোটি টকালৈ হ্ৰাস পাই ২০২৪-২৫ বিত্তীয় বৰ্ষত ৫৯.৪৭ কোটি টকালৈ জপিয়াই পৰে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত অৰ্থাৎ ২০২৫ চনৰ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে কোম্পানীটোৱে ইতিমধ্যে ২০.১৩ কোটি টকাৰ নিকা লাভ কৰিছে।
এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহ লাভৰ ক্ষেত্ৰতো উঠা-নমা হৈছিল। ২০২২-২৩ বিত্তীয় বৰ্ষত ইয়াৰ মুঠ ৰাজহ ১৯৯.৩৫ কোটি ₹ হয়, যিটো ২০২৩-২৪ বিত্তীয় বৰ্ষত ১৯৬.২৪ কোটি টকালৈ হ্ৰাস পায় আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত ২৫৯.১১ কোটি ₹লৈ বৃদ্ধি পায়। ২০২৫ চনৰ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে কোম্পানীটোৱে ১৫৭.১২ কোটি টকাৰ ৰাজহ লাভ কৰিছে।
এই সময়ছোৱাত কোম্পানীটোৰ ঋণৰ বোজাও বৃদ্ধি পায়। ২০২৩-২৪ চনলৈকে কোম্পানীটোৱে ঋণমুক্ত আছিল যদিও পৰৱৰ্তী সময়ত ২০২৪-২৫ চনত ৯০.৬৫ কোটি ₹ৰ ঋণৰ বোজা বহন কৰিছিল। চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত ২০২৫ চনৰ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে কোম্পানীটোৰ ঋণৰ বোজা আছিল ১৩০.২৫ কোটি ₹। এই সময়ছোৱাত কোম্পানীটোৰ মজুত আৰু উদ্বৃত্তৰ উন্নতি ঘটিছিল। ২০২৩-২৪ চনলৈকে কোম্পানীটোৰ ৰিজাৰ্ভ আৰু চাৰ্প্লাছ একাউণ্টত ঋণাত্মক বেলেঞ্চ আছিল যদিও ২০২৪-২৫ চনত এই পৰিস্থিতিৰ উন্নতি ঘটিছিল। এইবাৰ কোম্পানীটোৰ ৰিজাৰ্ভ আৰু চাৰ্প্লাছ একাউণ্টত ₹৯৫.৩৩ কোটি টকা লাভ কৰা হৈছে। একেদৰে চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত অৰ্থাৎ ২০২৫ চনৰ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে এই ধনৰাশি ₹৯৮.৪৪ কোটি হয়।
একেদৰে ২০২২-২৩ চনত ইবিআইটিডিএ (সুত, কৰ, মূল্য হ্ৰাস আৰু ক্ষয়সাধনৰ পূৰ্বে আয়) ৬৮.৭৩ কোটি ₹ আছিল, যিটো ২০২৩-২৪ চনত ৫৬.১৪ কোটি ₹লৈ হ্ৰাস পাইছে। ২০২৪-২৫ চনত কোম্পানীটোৰ ইবিআইটিডিএ জপিয়াই ৭৯.৬১ কোটি ₹ হয়। চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধ অৰ্থাৎ ২০২৫ চনৰ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে ৩০.৭৯ কোটি টকাৰ স্তৰত আছিল।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী