
নতুন দিল্লী, ২৪ ফেব্ৰুৱাৰী (হি.স.)। বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তাৰ মাজতে চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ তৃতীয় ত্ৰৈমাসিকত (অক্টোবৰ-ডিচেম্বৰ) দেশখনৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধি ৮.১%ৰ ওচৰ চাপিব বুলি আশা কৰা হৈছে।
মঙলবাৰে প্ৰকাশ পোৱা শেহতীয়া প্ৰতিবেদনত ভাৰতীয় ষ্টেট বেংকে চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ তৃতীয় ত্ৰৈমাসিকত প্ৰায় ৮.১% বাস্তৱিক জিডিপি বৃদ্ধিৰ প্ৰকল্প কৰিছে। চৰকাৰে ২০১১-১২ চনৰ পৰা ২০২২-২৩ চনলৈ ভিত্তি বছৰ সলনি কৰিছে, আৰু ২৭ ফেব্ৰুৱাৰী শুকুৰবাৰে প্ৰকাশ পাব নতুন জিডিপিৰ পৰিসংখ্যা।
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে নতুন ভিত্তি বৰ্ষ ২০২২-২৩ৰ ভিত্তিত জিডিপিৰ পৰিসংখ্যা প্ৰকাশ কৰিব। নতুন ভিত্তি বছৰটোৱে ডিজিটেল বাণিজ্য আৰু সেৱা খণ্ডৰ ক্ৰমবৰ্ধমান প্ৰভাৱক ভালদৰে প্ৰতিফলিত কৰিব। মন্ত্ৰালয়ৰ প্ৰথমটো অগ্ৰিম জিডিপি অনুমান প্ৰতিবেদন অনুসৰি ২০২৬-২৬ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ ৭.৪ শতাংশ হ’ব বুলি প্ৰকল্প কৰা হৈছে।
ৰেটিং এজেন্সী মুডীজ এনালিটিক্সৰ এক প্ৰতিবেদনত ইংগিত পোৱা গৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰস্তাৱ কৰা ১৫ শতাংশ এককালীন শুল্কে বিশেষকৈ এছিয়া-পেচিফিক অঞ্চলত বিশ্ব বাণিজ্যত যথেষ্ট পৰিৱৰ্তন আনিব পাৰে। আমেৰিকাৰ বাণিজ্য নীতিৰ বৃহৎ পৰিৱৰ্তনৰ মাজতে ভাৰতৰ অৰ্থনীতি নিজৰ শক্তিশালী ঘৰুৱা ভিত্তিৰ বলত শক্তিশালীভাৱে থিয় দিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ