কেৰেলাৰ নাম সলনি কৰি ‘কেৰালাম’লৈ অনুমোদন কেন্দ্ৰৰ
নতুন দিল্লী, ২৪ ফেব্ৰুৱাৰী (হি.স.)। কেন্দ্ৰীয় চৰকাৰে কেৰালাৰ নাম সলনি কৰি ‘কেৰালাম’ কৰিবলৈ অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা সংবিধানৰ ৩ নং অনুচ্ছেদৰ অধীনত ৰাজ্যৰ নাম সলনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। মঙলবাৰে নতুন ‘সেৱা তীৰ্থ’ (সেৱা তীৰ্থ”ত অনুষ্ঠিত হোৱ
केरल से जुड़े चित्र


নতুন দিল্লী, ২৪ ফেব্ৰুৱাৰী (হি.স.)। কেন্দ্ৰীয় চৰকাৰে কেৰালাৰ নাম সলনি কৰি ‘কেৰালাম’ কৰিবলৈ অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা সংবিধানৰ ৩ নং অনুচ্ছেদৰ অধীনত ৰাজ্যৰ নাম সলনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

মঙলবাৰে নতুন ‘সেৱা তীৰ্থ’ (সেৱা তীৰ্থ”ত অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেবিনেটে এই প্ৰস্তাৱত অনুমোদন জনায়।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত অনুষ্ঠিত এক সংবাদমেলত কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। তেওঁ উল্লেখ কৰে যে যোৱা বছৰৰ জুন মাহত ৰাজ্য চৰকাৰে ৰাজ্যখনৰ নাম সলনি কৰি ‘কেৰালাম’লৈ প্ৰস্তাৱ গৃহীত কৰিছিল।

তেওঁ উল্লেখ কৰে যে কেন্দ্ৰীয় কেবিনেটৰ পৰা অনুমোদন লাভ কৰাৰ পিছত এতিয়া এই বিধেয়কখন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব। ইয়াৰ পিছত ৰাষ্ট্ৰপতিয়ে বিধেয়কখন ৰাজ্যিক বিধানসভালৈ প্ৰেৰণ কৰিব আৰু ইয়াৰ মতামত বিচাৰিব। বিধানসভাৰ মতামত লাভ কৰাৰ পিছত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছত সংসদত উত্থাপন কৰা হ’ব।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande