বাংলাদেশৰ চিটাগঙত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণত নিহত মাতৃ-পুত্ৰ
ঢাকা, ২৪ ফেব্ৰুৱাৰী (হি.স.)। বাংলাদেশৰ চট্টগ্ৰামৰ হালিছাহাৰৰ এটা ঘৰত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণত জ্বলি যোৱা ষোল্ল বছৰীয়া শ্বাউনৰ মৃত্যু হৈছে। এদিন পূৰ্বে একে ঘটনাতে তেওঁৰ মাতৃৰো মৃত্যু হৈছিল। মঙলবাৰে পুৱা নেশ্যনেল ইনষ্টিটিউট অৱ বাৰ্ন এণ্ড প্ল
47f9ca5ef1eeb26afc90cb81ed274ff4_793044011.jpg


ঢাকা, ২৪ ফেব্ৰুৱাৰী (হি.স.)। বাংলাদেশৰ চট্টগ্ৰামৰ হালিছাহাৰৰ এটা ঘৰত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণত জ্বলি যোৱা ষোল্ল বছৰীয়া শ্বাউনৰ মৃত্যু হৈছে। এদিন পূৰ্বে একে ঘটনাতে তেওঁৰ মাতৃৰো মৃত্যু হৈছিল।

মঙলবাৰে পুৱা নেশ্যনেল ইনষ্টিটিউট অৱ বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰীত চিকিৎসাধীন অৱস্থাত শ্বাউনৰ মৃত্যু হয়। এদিন পূৰ্বে বিস্ফোৰণত তেওঁৰ মাতৃ নূৰজাহান আখতাৰ ৰাণীৰ মৃত্যু হৈছিল।

প্ৰতিষ্ঠানটোৰ আৱাসী অস্ত্ৰোপচাৰ বিশেষজ্ঞ শ্বাউন বিন ৰহমানে কয় যে শ্বাউনৰ শৰীৰৰ ৫০ শতাংশতকৈ অধিক অংশ জ্বলি গৈছে। চিকিৎসকে জনোৱা মতে, পৰিয়ালৰ আন ৭ জন সদস্য বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে, আটাইকেইজনৰ অৱস্থা সংকটজনক। কমিলাৰ বাৰুৰা মহকুমাৰ বাঘমাৰা গাঁৱৰ মটৰ পাৰ্টছ ব্যৱসায়ী শ্বাখাৱত হুছেইনৰ পুত্ৰ আছিল শৌন।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande