
নতুন দিল্লী, ২৪ ফেব্ৰুৱাৰী (হি.স.)। এ আই সন্মিলনৰ সময়ত যুৱ কংগ্ৰেছৰ কৰ্মীসকলে অৰ্ধনগ্ন প্ৰতিবাদক জাতীয় মৰ্যাদাৰ প্ৰতি প্ৰতাৰণা বুলি অভিহিত কৰি দেশৰ বুদ্ধিজীৱী আৰু প্ৰাক্তন জ্যেষ্ঠ আমোলাসকলে তীব্ৰ গৰিহণা দিছে। তেওঁলোকৰ প্ৰতিবাদ পঞ্জীয়ন কৰিবলৈ এখন পত্ৰ জাৰি কৰা হৈছে।
এই কাণ্ডক জাতীয় মৰ্যাদাৰ প্ৰতি প্ৰতাৰণা বুলি অভিহিত কৰি প্ৰায় ২৭৭ গৰাকী স্বাক্ষৰকাৰীয়ে নিজৰ প্ৰতিবাদ পঞ্জীয়ন কৰিবলৈ এখন পত্ৰ প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ, প্ৰাক্তন ৰাজ্যপাল, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি), প্ৰাক্তন সচিব, প্ৰাক্তন কূটনীতিবিদ, প্ৰশাসনিক জ্যেষ্ঠ বিষয়া আদিও অন্যতম।
পত্ৰখনত উল্লেখ আছে যে যেতিয়া বিশ্বৰ শীৰ্ষ প্ৰযুক্তিৰ নেতা, বিশ্বৰ মুখ্য কাৰ্যবাহী বিষয়া, আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে ভাৰতক ভৱিষ্যতৰ আগশাৰীৰ স্থপতি হিচাপে স্বীকৃতি দি ভাৰতলৈ আহিছে, তেতিয়া এনে প্ৰতিবাদে দেশৰ ভাবমূৰ্তি কলংকিত কৰে। ইয়াক পূৰ্ব পৰিকল্পিত আৰু অগ্ৰাহ্যযোগ্য কাৰ্য্য বুলি বৰ্ণনা কৰা হৈছে, য’ত নিৰাপদ আন্তঃৰাষ্ট্ৰীয় স্থানত প্ৰৱেশ কৰি বিশৃংখলতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছিল।
পত্ৰখনত স্বাক্ষৰ কৰাসকলৰ ভিতৰত আছে প্ৰাক্তন ন্যায়াধীশ এছ.এন. ধিংৰা, প্ৰাক্তন ন্যায়াধীশ বি.চি. পেটেল, প্ৰাক্তন ন্যায়াধীশ এম.এম. কুমাৰ, প্ৰাক্তন ন্যায়াধীশ সুব্ৰতো মুখাৰ্জী, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান প্ৰকাশ সিং, প্ৰাক্তন আই এ এছ বিষয়া অমিতাভ কান্ত, ৰ’ৰ প্ৰাক্তন মুৰব্বী সঞ্জীৱ ত্ৰিপাঠী, এন আই এৰ প্ৰাক্তন সঞ্চালক যোগেশ চন্দ্ৰ মোডী, আৰু কেইবাজনো প্ৰাক্তন ৰাষ্ট্ৰদূত।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী