মুকুল ৰয়ঃ চাৰি দশকৰ ৰাজনৈতিক যাত্ৰাৰ অন্ত
কলকাতা, ২৩ ফেব্ৰুৱাৰী (হি.স.)। পশ্চিম বংগৰ জ্যেষ্ঠ ৰাজনীতিবিদ মুকুল ৰয়ৰ দেওবাৰে মাজনিশা পৰলোকপ্ৰাপ্তি ঘটে। মৃত্য়ুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। তেওঁৰ মৃত্যুৰ লগে লগে পশ্চিম বংগৰ ৰাজনীতিৰ এটা যুগৰ অন্ত পৰিল। বাওঁপন্থী চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰি
अमित शाह के साथ मुकुल रॉय


ममता के साथ मुकुल


কলকাতা, ২৩ ফেব্ৰুৱাৰী (হি.স.)। পশ্চিম বংগৰ জ্যেষ্ঠ ৰাজনীতিবিদ মুকুল ৰয়ৰ দেওবাৰে মাজনিশা পৰলোকপ্ৰাপ্তি ঘটে। মৃত্য়ুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। তেওঁৰ মৃত্যুৰ লগে লগে পশ্চিম বংগৰ ৰাজনীতিৰ এটা যুগৰ অন্ত পৰিল। বাওঁপন্থী চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰি মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছক ক্ষমতালৈ অনাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সঠিক সময়ত সঠিক পদক্ষেপ লোৱাত পাকৈত মুকুল ৰয় বংগৰ ৰাজনীতিৰ চাণক্য হিচাপে পৰিচিত আছিল।

পশ্চিম বংগৰ ৰাজনীতিত মুকুল ৰয়ৰ নাম বহুদিনৰ পৰাই তেওঁৰ প্ৰভাৱ, সাংগঠনিক ক্ষমতা, কৌশলগত বুদ্ধিমত্তাৰ বাবে শ্ৰদ্ধা জনাই আহিছে। প্ৰায় চাৰি দশকজুৰি তেওঁৰ ৰাজনৈতিক জীৱনত কংগ্ৰেছৰ পৰা তৃণমূল কংগ্ৰেছ আৰু তাৰ পিছত ভাৰতীয় জনতা পাৰ্টিলৈ যাত্ৰাও আছিল। পৰ্দাৰ আঁৰৰ পৰা ক্ষমতাৰ পথ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নিৰ্বাচিত কেইজনমান নেতাৰ ভিতৰত তেওঁ আছিল।

কংগ্ৰেছৰ পৰা পৃথক পথ আৰু তৃণমূলৰ প্ৰতিষ্ঠাঃ মুকুল ৰয়ে যুৱ কংগ্ৰেছৰ সৈতে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। সাংগঠনিক কামত সক্ৰিয়ভাৱে জড়িত হৈ অতি সোনকালেই তেওঁক ৰাজ্যিক পৰ্যায়ত স্বীকৃতি লাভ কৰে। ১৯৯৮ চনত মমতা বেনাৰ্জীয়ে কংগ্ৰেছৰ পৰা বিচ্ছিন্ন হৈ তৃণমূল কংগ্ৰেছ প্ৰতিষ্ঠা কৰাৰ সময়ত মুকুল ৰায়ে তেওঁৰ কাষত থিয় দিছিল। তৃণমূল কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য মুকুল ৰায়ে দলৰ প্ৰাৰম্ভিক গাঁথনি প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ দলৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি লাভ কৰি সংগঠনটোৰ তৃণমূল পৰ্যায়ত সম্প্ৰসাৰণৰ মূল স্থপতি হিচাপে পৰিগণিত হয়। যি সময়ত তৃণমূল কংগ্ৰেছে ৰাজ্যৰ ৰাজনীতিত নিজৰ স্থান দখল কৰিবলৈ চেষ্টা কৰিছিল, সেই সময়ছোৱাত মুকুল ৰায় সংগঠনটোৰ মুখ্য কৌশলবিদ হিচাপে বিবেচিত হৈছিল।

ৰাজ্যসভাৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীলৈ: ২০০৬ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা মুকুল ৰয়। ২০০৯ চনত উচ্চ সদনত তৃণমূল কংগ্ৰেছৰ নেতা হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত দলৰ কণ্ঠক শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰিবলৈ আৰম্ভ কৰে। কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (ইউ পি এ) চৰকাৰৰ সময়ত, যেতিয়া তৃণমূল কংগ্ৰেছ ইয়াৰ অংশ আছিল, তেতিয়া মুকুল ৰায়ক প্ৰথমবাৰৰ বাবে জাহাজ পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। পিছলৈ ২০১২ চনত তেওঁ ৰে’ল মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে। ৰে’লৱেৰ দায়িত্বত থকাৰ সময়ত তেওঁ যাত্ৰীৰ সুবিধা আৰু প্ৰকল্প সন্দৰ্ভত কেইবাটাও ঘোষণা কৰিছিল। যদিও তেওঁৰ কাৰ্যকাল তুলনামূলকভাৱে কম আছিল, তথাপিও তেওঁ কেন্দ্ৰীয় ৰাজনীতিত তৃণমূল কংগ্ৰেছৰ অন্যতম বিশিষ্ট মুখ হৈ পৰিছিল।

২০১১ চনৰ পিছত নতুন ভূমিকাঃ ২০১১ চনত পশ্চিম বংগত বাওঁ মঞ্চৰ ৩৪ বছৰীয়া শাসনৰ অন্ত পৰিল, আৰু তৃণমূল কংগ্ৰেছ ক্ষমতালৈ আহে। এই ঐতিহাসিক পৰিৱর্তনৰ পাছত মুকুল ৰায়ে জিলাকেইখনত দল সংগঠনক শক্তিশালী কৰাৰ দায়িত্ব গ্রহণ কৰে৷ বিভিন্ন দলৰ নেতাক তৃণমূলত অন্তৰ্ভুক্ত কৰি নতুন ৰাজনৈতিক সমীকৰণ গঢ়ি তোলাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কৌশল প্ৰণয়ন আৰু কাৰ্যকৰী কৰাত তেওঁক পাকৈত বুলি গণ্য কৰা হৈছিল বাবে তেওঁক বংগ ৰাজনীতিৰ চানক্য বুলিও কোৱা হৈছিল।

বিতৰ্ক আৰু মমতা বেনাৰ্জীৰ পৰা দূৰত্বঃ মুকুল ৰয়ৰ ৰাজনৈতিক জীৱন বিতৰ্কবিহীন নাছিল। সাৰদা চিটফাণ্ড গোচৰ আৰু নাৰদ কেলেংকাৰীতো তেওঁৰ নাম উল্লেখ হৈছিল। এই গোচৰসমূহে তেওঁৰ ভাবমূর্তি প্রভাৱিত কৰাৰ লগতে দলীয় নেতৃত্বৰ সৈতে তেওঁৰ সম্পর্ক তিক্ত কৰি পেলালে ৷ পৰৱৰ্তী সময়ত মমতা বেনাৰ্জীৰ ৰাজনৈতিক স্থিতি মজবুত কৰা মুকুল ৰয়ক তেওঁৰ পৰা আঁতৰাই ৰখাৰ লগতে মমতাৰ ভতিজা অভিষেক বেনাৰ্জীক তৃণমূল কংগ্ৰেছত অধিক প্ৰাধান্য দিয়া হয়, যিটো মুকুল ৰয়ে অপছন্দ কৰিছিল। এই কথা সহ্য কৰিব নোৱাৰি তেওঁ ক্ৰমাগতভাৱে দলৰ পৰা আঁতৰি আহিল। ২০১৭ চনৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ পৰা তেওঁৰ দূৰত্ব স্পষ্ট হৈ পৰিল। ২০১৭ চনৰ নৱেম্বৰ মাহত তেওঁ তৃণমূল কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। এই পদক্ষেপক পশ্চিমবংগৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন বুলি গণ্য কৰা হৈছিল।

ভাৰতীয় জনতা পাৰ্টিত নতুন ভূমিকাঃ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছত মুকুল ৰয়ক ৰাজ্যত সংগঠনটো শক্তিশালী কৰাৰ দায়িত্ব দিয়া হয়। দলীয় নেতৃত্বই তেওঁক কেইবাজনো তৃণমূল নেতাক নিজৰ পক্ষলৈ আনি সাংগঠনিক সম্প্ৰসাৰণৰ কৌশল ৰচনা কৰাৰ দায়িত্ব অৰ্পণ কৰে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে পশ্চিমবংগৰ ৪২খন আসনৰ ভিতৰত ১৮খন আসন লাভ কৰি এক উল্লেখযোগ্য ৰাজনৈতিক বাৰ্তা প্ৰেৰণ কৰিছিল। এই সফলতাত মুকুল ৰয়ৰ কৌশলগত ভূমিকাকো আলোকপাত কৰা হয়। ২০২১ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনত কৃষ্ণনগৰ উত্তৰ আসনৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল। অৱশ্যে কেইমাহমানৰ পিছত তেওঁ পুনৰ তৃণমূল কংগ্ৰেছলৈ উভতি আহে। এই দলত্য়াগে আইনী আৰু ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰে, শেষত দলত্য়াগ বিৰোধী আইনৰ অধীনত তেওঁক বিধায়ক পদৰ পৰা অযোগ্য ঘোষণা কৰা হয়।

গুৰুত্বপূৰ্ণ ভূমিকাঃ তৃণমূল কংগ্ৰেছলৈ ঘূৰি অহাৰ পিছতো দলত মুকুল ৰয়ৰ গুৰুত্ব অপৰিৱৰ্তিত হৈ থাকিল। স্বাস্থ্যজনিত সমস্যাৰ বাবে ক্ৰমান্বয়ে সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আহিছিল। দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগৰ সৈতে যুঁজি থকা তেওঁ শেহতীয়াকৈ ক’মাত পৰিল। মুকুল ৰয়ৰ ৰাজনৈতিক কেৰিয়াৰ আছিল উত্থান-পতন, কৌশল, উচ্চাকাংক্ষা, আৰু স্থানান্তৰিত সমীকৰণৰ কাহিনী। ক্ষমতাৰ কৰিডৰৰ ভিতৰত নীৰৱে কাম কৰাৰ সময়ত ৰাজনীতিৰ গতিপথ সলনি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এজন নেতা আছিল। বংগৰ সমসাময়িক ৰাজনীতিত মুকুল ৰয়ৰ ভূমিকাক আওকাণ কৰিব নোৱাৰি।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande