
নগাঁও, ২৩ ফেব্ৰুৱাৰী (হি.স.)। নগাঁৱৰ জুৰীয়াৰ চেনিমাৰি বিল গাঁৱৰ ২৪ বছৰীয়া যুৱক নিৰুদ্দেশ।
পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, জুৰীয়াৰ ছেনিমাৰি বিল গাঁৱৰ ছোৰহাবৰ পুত্ৰ শ্বৰিফুল ইছলাম নামৰ যুৱকজন ২ দিন ধৰি নিখোঁজ হোৱাত পৰিয়ালৰ মাজত এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছৈ। যোৱা ২০ ফেব্ৰুৱাৰীৰ বিয়লি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে শ্বৰিফুল ইছলাম নামৰ যুৱকজন।
পৰিয়ালৰ লোকে নিজৰ আত্মীয় স্বজনৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও যুৱকজনৰ কোনো সন্ধান নাপাই উপায়ান্তৰ হৈ সংবাদ মাধ্যম আৰু আৰক্ষীৰ কাষ চাপে। কোনো লোকে যুৱক জনৰ শুং-সুত্ৰ পালে ওচৰৰ আৰক্ষীক অথবা এই নন্বৰত
7099596892 জনাবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু