সোণাপুৰৰ ডিগাৰু নদীত পৰি সন্ধানহীন এজন যুৱক
গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। সোণাপুৰৰ মৌপুৰত ডিগাৰু নদীত পৰি সন্ধানহীন এজন যুৱক। মৌপুৰত বন্ধুৰ সৈতে পিকনিক খাবলৈ আহিছিল গুৱাহাটী জাপৰিগোগৰ ধনমণি তালুকদাৰ (২১)নামৰ যুৱকজন। দেওবাৰে আবেলি প্ৰায় ৪ বজাত বন্ধুৰ সৈতে ডিগাৰু নদীত গা ধুবলৈ লওতেই উক্ত দ
সোণাপুৰৰ মৌপুৰত ডিগাৰু নদীত পৰি সন্ধানহীন এজন যুৱক।


গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। সোণাপুৰৰ মৌপুৰত ডিগাৰু নদীত পৰি সন্ধানহীন এজন যুৱক। মৌপুৰত বন্ধুৰ সৈতে পিকনিক খাবলৈ আহিছিল গুৱাহাটী জাপৰিগোগৰ ধনমণি তালুকদাৰ (২১)নামৰ যুৱকজন। দেওবাৰে আবেলি প্ৰায় ৪ বজাত বন্ধুৰ সৈতে ডিগাৰু নদীত গা ধুবলৈ লওতেই উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

এই সন্দৰ্ভত সোণাপুৰ আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই যুৱকজনৰ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande