হাইলাকান্দিত জব্দ বুজন পৰিমাণৰ য়াবা টেবলেত
হাইলাকান্দি, ২৩ ফেব্ৰুৱাৰী (হি.স.)। আৰক্ষীৰ অভিযানত হাইলাকান্দিত জব্দ বুজন পৰিমানৰ ইয়াবা টেবলেত।হাইলাকান্দি চহৰ সংলগ্ন ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাউৰঘাট প্ৰ্থ্ম খণ্ডত মিজোৰামৰ পৰা অহা এখন বিলাসী বাহনৰ পৰা প্ৰায় এক লাখ একৈশ হাজাৰ ইয়াবা টেবলেত জব্দ কৰিছে
হাইলাকান্দিত জব্দ বুজন পৰিমাণৰ য়াবা টেবলেত


হাইলাকান্দি, ২৩ ফেব্ৰুৱাৰী (হি.স.)। আৰক্ষীৰ অভিযানত হাইলাকান্দিত জব্দ বুজন পৰিমানৰ ইয়াবা টেবলেত।হাইলাকান্দি চহৰ সংলগ্ন ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাউৰঘাট প্ৰ্থ্ম খণ্ডত মিজোৰামৰ পৰা অহা এখন বিলাসী বাহনৰ পৰা প্ৰায় এক লাখ একৈশ হাজাৰ ইয়াবা টেবলেত জব্দ কৰিছে আৰক্ষীয়ে লগতে এজন যুবক আৰু এজন মহিলাক গ্ৰেপ্তাৰ কৰিছে।

মিজোৰামৰ পৰা অহা এম জেদ ০১ আৰ ৬৪৩৪ মহিন্দ্ৰা টাভ বাহনৰে বিক্ৰি কৰিবলৈ অসমত লৈ আনিছিল আৰু আৰক্ষীয়ে গোপন সুত্ৰৰ খবৰৰ ভিত্তিত নাকা চেকিং আৰম্ভ কৰিছিল আৰু চেকিংত প্ৰায় ১,২১,০০০ হাজাৰ ইয়াবা টেবলেত জব্দ কৰিবলৈ সক্ষম হৈছে লগতে মিস মাৰ্সি পিল্লেই আৰু থ্ংজাগিন হাওকিপ নামৰ মিজো এজন যুবক আৰু এজন মহিলাক গ্ৰেপ্তাৰ কৰিছে হাইলাকান্দি আৰক্ষীয়ে।জব্দকৃত ইয়াবা টেবলেতৰ বাজাৰ মূল্য প্ৰায় ৫ কোটি টকা হব বুলি অনুমান কৰিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande