মাজুলীত নাৰী সৰবৰাহকাৰীৰ সন্দেহত তিনি জনক আটক
মাজুলী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। মাজুলীৰ লোহিত-খাবলু পঞ্চায়তৰ অন্তৰ্গত নগৰ গাঁৱত কালি নিশা সন্দেহজনক নাৰী সৰবৰাহকাৰীৰ সন্দেহত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ মানসিকভাৱে দুৰ্বল এগৰাকী বিবাহিত মহিলাক বিয়া পাতিবলৈ আহি গাঁৱৰ ৰাইজৰ ৰোষত পৰিল ৰাজস্থানৰ
মাজুলীত নাৰী সৰবৰাহকাৰীৰ সন্দেহত তিনি জনক আটক


মাজুলী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। মাজুলীৰ লোহিত-খাবলু পঞ্চায়তৰ অন্তৰ্গত নগৰ গাঁৱত কালি নিশা সন্দেহজনক নাৰী সৰবৰাহকাৰীৰ সন্দেহত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ মানসিকভাৱে দুৰ্বল এগৰাকী বিবাহিত মহিলাক বিয়া পাতিবলৈ আহি গাঁৱৰ ৰাইজৰ ৰোষত পৰিল ৰাজস্থানৰ পৰা অহা দুজন যুৱক। ঘটনা অনুসৰি, ৰাজস্থানৰ পৰা অহা যুৱক দুজনে ধেমাজিৰ এগৰাকী সম্পৰ্কীয় লোকৰ সৈতে যোগাযোগ কৰি নগৰ গাঁৱৰ এজনৰ ঘৰত নিশা কটাইছিল । তেওঁলোকে পুৱা মানসিক ভাৱে দুৰ্বল মহিলা গৰাকীক ৰাজস্থানলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলিও অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

ইয়াৰ পূৰ্বে যুৱক দুজনে মহিলা গৰাকীৰ ঘৰলৈ গৈ তেওঁক চাবলৈও গৈছিল। কিন্তু ঘটনাটো সন্দেহজনক বুলি অনুভৱ কৰি গাঁৱৰ সজাগ ৰাইজে তৎক্ষণাত পদক্ষেপ গ্ৰহণ কৰে । স্থানীয় ৰাইজে যুৱক দুজনক আবদ্ধ কৰি ৰাখি গড়মূৰ আৰক্ষীক খবৰ দিয়ে। পিছত গড়মূৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰি , সোধাপোচাৰ বাবে দুয়ো যুৱকৰ লগতে তেওঁলোক থাকিবলৈ অহা ঘৰৰ গৰাকী জনকো গড়মূৰ আৰক্ষী থানালৈ লৈ যায়। উল্লেখযোগ্য যে, যাৰ সৈতে বিয়া পাতিবলৈ যুৱক দুজনে আহিছিল সেই মহিলা গৰাকী মানসিকভাৱে দুৰ্বল হোৱাৰ উপৰিও এগৰাকী বিবাহিত মহিলা আৰু দুটা সন্তানৰ মাতৃ । স্বামীৰ অত্যাচাৰৰ ফলত নিজ ঘৰলৈ ঘূৰি আহিছিল যদিও পিছত মানসিক ভাৱে অসুস্থ হোৱা বুলি জানিব পৰা গৈছে।

এনে পৰিস্থিতিত নিশা ছোৱালী চাই পিছদিনাই লৈ যোৱাৰ পৰিকল্পনা কৰাক লৈ গাঁৱৰ ৰাইজে তীব্ৰ সন্দেহ প্ৰকাশ কৰিছে । বিশেষকৈ, এগৰাকী বিবাহিত আৰু মানসিকভাৱে দুৰ্বল মহিলাক বিয়া কৰাৰ উদ্দেশ্যে দূৰৰ ৰাজ্যৰ পৰা অহা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমান গড়মূৰ আৰক্ষীয়ে ঘটনাটোৰ সকলো দিশৰ ওপৰত তদন্ত চলাই আছে। এই ঘটনাৰ আঁৰত কোনো বৃহৎ চক্ৰ জড়িত আছে নেকি, বা ইয়াত অন্য কোনো অসৎ উদ্দেশ্য লুকাই আছে নেকি সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব। স্থানীয় ৰাইজে আৰক্ষীক ঘটনাটোৰ সঠিক তদন্ত কৰি প্ৰকৃত সত্য পোহৰলৈ আনিবলৈ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande