
দীৰ্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনা আৰু অনুৰাগীৰ প্ৰত্যাশা অৱশেষত অন্ত পৰিল । দক্ষিণ ভাৰতৰ জনপ্ৰিয় চিনেমাৰ তাৰকা বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাই আনুষ্ঠানিকভাৱে বিবাহৰ কথা ঘোষণা কৰিছে। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা আৱেগিক টোকাত দম্পতীহালে নিজৰ সম্পৰ্ক ৰাজহুৱা কৰি এই আনন্দৰ খবৰটো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে।
দম্পতীহালে নিজৰ বিয়াখনক এটা বিশেষ নামো দিছে: বিৰোছৰ বিয়া । দৰাচলতে বিজয় আৰু ৰশ্মিকাৰ নাম একত্ৰিত কৰি তেওঁলোকৰ অনুৰাগীয়ে বিৰোষ নামটো উদ্ভাৱন কৰিছিল । এই নামটো গ্ৰহণ কৰি তাৰকা দুগৰাকীয়ে নিজৰ অনুৰাগীসকলক এক অনন্য উপহাৰ দি এই বিশেষ অনুষ্ঠানটো সম্পূৰ্ণৰূপে তেওঁলোকৰ বাবে উৎসৰ্গা কৰিছে।
বিজয় আৰু ৰশ্মিকাই তেওঁলোকৰ শ্বেয়াৰ কৰা বাৰ্তাত লিখিছে, আমাৰ আটাইতকৈ প্ৰিয়জন, আমি আনকি কিবা সিদ্ধান্ত লোৱাৰ আগতেই আপুনি আমাৰ বাবে সদায় আছিল। আপুনি আমাক ইমান মৰম আৰু এটা নাম দিছিল, 'বিৰোষ'। গতিকে আজি আমি আপোনালোকৰ সন্মানত আমাৰ ইউনিয়নক 'বিৰোষৰ বিয়া' নাম দিছো। সকলো মৰমৰ বাবে ধন্যবাদ, আপুনি সদায় আমাৰ অংশ হৈ থাকিব। বহুত মৰম আৰু আলিংগন।
সূত্ৰ অনুসৰি অহা ২৬ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হ’ব এই দম্পতীহালে। বছৰ বছৰ ধৰি তেওঁলোকৰ সম্পৰ্কক লৈ উৰাবাতৰি চলি আহিছে। এতিয়ালৈকে তেওঁলোকে কৈছিল যে তেওঁলোক কেৱল ভাল বন্ধু, কিন্তু এতিয়া এই আনুষ্ঠানিক ঘোষণাৰ লগে লগে সকলো জল্পনা-কল্পনা বন্ধ হৈ গৈছে।
চলচ্চিত্ৰ জগতত ‘বিৰোছ’ নামেৰে পৰিচিত এই দম্পতীহালে এতিয়া নিজৰ সম্পৰ্কক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবলৈ সাজু হৈছে, অনুৰাগীৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া