
গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। কেন্দ্ৰীয় গ্ৰামোন্নয়ন, কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত চৰচ মেলা ২০২৫-২৬ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২২ ফেব্ৰুৱাৰীৰ পৰা অহা ৮ মাৰ্চলৈ চলিবলগীয়া এই মেলাত অসমৰ লগতে বিভিন্ন ৰাজ্যৰ আত্মসহায়ক গোটৰ উৎপাদিত সামগ্ৰী ২৫০ খনতকৈয়ো অধিক বিপণিত উপলব্ধ হৈছে। মেলাত অসমৰ মুগা মেখেলা-চাদৰ, জি আই টেগযুক্ত পানী মেটেকাৰ সামগ্ৰী,বাঁহ-বেতৰ সামগ্ৰী,মুখা তথা অন্যান্য হস্ত নিৰ্মিত সামগ্ৰী, মহাৰাষ্ট্ৰৰ কলহাপুৰী জোতা, ক’লা কিচমিচ, চট্টিশগড়ৰ কছা শাড়ী, খাদী কুৰ্তা, গোৱাৰ হস্ত নিৰ্মিত গহনাকে ধৰি বিভিন্ন ৰাজ্যৰ আত্মসহায়ক গোটৰ উৎপাদিত সামগ্ৰী উপলব্ধ হৈছে। তদুপৰি বিভিন্ন ৰাজ্যৰ থলুৱা খাদ্যৰ বিপণিসমূহতো বিভিন্ন খাদ্য সম্ভাৰ উপলব্ধ হৈছে।
অসমী চৰচ মেলা উদ্বোধন কৰি প্ৰদান কৰা ভাষণত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আত্মসহায়ক গোট সমূহৰ এই মহিলা সকলক মহিলা সৱলীকৰণৰ এক উজ্বল নিদৰ্শন বুলি অভিহিত কৰি এই সকল মহিলাৰ সকলোকে লাখপতি বাইদেউ হিচাপে প্ৰতিষ্ঠা লাভৰ বাবে সংকল্পবদ্ধ হ’বলৈ আহ্বান জনায়। মন্ত্ৰী গৰাকীয়ে লগতে এই উদ্যমী মহিলা সকলৰ সামগ্ৰী সমূহ যাতে বিক্ৰীৰ এক শক্তিশালী মঞ্চ লাভ কৰিব পাৰে তাৰ বাবে ক্ৰেতা-বিক্ৰেতাৰ এক সন্মিলন অনুষ্ঠিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
তেওঁ লগতে বছৰৰ ৩৬৫ দিনতে যাতে এই উৎপাদিত সামগ্ৰী সমূহ বিক্ৰী কৰিব পৰা যায় তাৰ বাবে ভাৰতৰ প্ৰতিখন জিলাত স্থায়ী চি-মাৰ্ট বিক্ৰী কেন্দ্ৰ মুকলি কৰাৰ পদক্ষেপ লোৱা হ’ব বুলিও কয়। কোনো বাইদেউ যাতে গৰীৱ হৈ থাকিব নালাগে তাৰ বাবে সকলো মহিলাক আত্মসহায়ক গোটত সংঘবদ্ধ হ’বলৈও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশতে আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত নাৰী সৱলীকৰণৰ বাবে লোৱা শক্তিশালী পদক্ষেপৰো শলাগ লোৱাৰ লগতে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা মহিলা সবলীকৰণ আৰু মহিলা সকলক আত্মনিৰ্ভৰ কৰাৰ বাবে লোৱা ব্যৱস্থাৱলীৰো শলাগ লয়।
অনুষ্ঠানত ব্যক্তব্য প্ৰদান কৰি ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এই অসমী চৰচ মেলা আয়োজনৰ প্ৰাসংগিকতা ক্ৰমে বৃদ্ধি পাই আহিছে বুলি কয়। ২০২১ চনত চৰচ মেলাৰ বিক্ৰীৰ পৰিমাণ ৪.১৮ কোটি টকাৰ বিপৰীতে ২০২৪ বৰ্ষৰ অসমী চৰচ মেলাৰ বিক্ৰীৰ পৰিমাণ প্ৰায় ২০ কোটি টকালৈ বৃদ্ধি হৈ এই কথা প্ৰতিয়মান কৰিছে বুলিও তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে মহিলা সকলক আত্মনিৰ্ভৰ কৰাৰ বাবে এই আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰী প্ৰতি গৰাকী ব্যক্তিক ক্ৰয় কৰাৰ বাবে আহ্বান জনোৱাৰ উপৰি কাৰ্যালয় সমূহতো এই সামগ্ৰী ক্ৰয় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰী গৰাকীয়ে লগতে এইবাৰৰ অসমী চৰচ
মেলাত অংশ গ্ৰহণ কৰা অসমৰ লগতে বিভিন্ন ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যা সকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে চৰচ মেলাৰ শুভ উদ্বোধন কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক যি উৎসাহ প্ৰদান কৰিলে তাৰ বাবে তেঁও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক আন্তৰিক ধন্যবাদ জনায় ।
ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীয়ে আদৰণি ভাষণ প্ৰদান কৰা আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈয়ে শলাগৰ শৰাই আগবঢ়োৱা এই উদ্বোধনী অনুষ্ঠানত ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সচিব শৈলেশ কুমাৰ সিঙেও বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সকল ক্ৰমে অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ যুটীয়া সচিব স্মৃতি চাৰণ, ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সঞ্চালক ড০ মলিশ্ৰীকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী