উত্তৰাখণ্ডত ১৫৩ জন শৰণাৰ্থীৰ বাবে ভাৰতীয় নাগৰিকত্বৰ বাবে পথ মুকলি, চিএএৰ অধীনত প্ৰক্ৰিয়া সম্পূৰ্ণ
ডেৰাডুন, ২৩ ফেব্ৰুৱাৰী (হি.স.)। উত্তৰাখণ্ডত বসবাস কৰা ১৫৩ জন হিন্দু শৰণাৰ্থীক নাগৰিকত্ব সংশোধনী আইন (চিএএ)ৰ বিধান অনুসৰি ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক গৃহ বিভাগৰ বিতং তদন্তৰ অন্তত তেওঁলোকৰ আবেদনৰ অনুমোদন
सीएए गजट।


ডেৰাডুন, ২৩ ফেব্ৰুৱাৰী (হি.স.)। উত্তৰাখণ্ডত বসবাস কৰা ১৫৩ জন হিন্দু শৰণাৰ্থীক নাগৰিকত্ব সংশোধনী আইন (চিএএ)ৰ বিধান অনুসৰি ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক গৃহ বিভাগৰ বিতং তদন্তৰ অন্তত তেওঁলোকৰ আবেদনৰ অনুমোদনে ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ পথ মুকলি কৰি দিছে।

সোমবাৰে মুখ্যমন্ত্ৰী পুষ্কৰ সিঙে এই সিদ্ধান্তক আদৰণি জনাই কয় যে চিএএ-এ বছৰ বছৰ ধৰি ভাৰতত বসবাস কৰা শৰণাৰ্থী পৰিয়ালক ন্যায় প্ৰদান কৰি আহিছে। ইয়াৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

লাভ কৰা তথ্য অনুসৰি অনুমোদিত আবেদনকাৰীসকলৰ ভিতৰত ১৪৭জন পাকিস্তানৰ পৰা আৰু ৬জন আফগানিস্তানৰ পৰা আহিছিল। এই সকলোবোৰেই ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত আশ্ৰয় বিচৰা আবেদনকাৰীৰ শ্ৰেণীৰ অন্তৰ্গত।পাকিস্তানৰ পৰা মুঠ ১৮৯ জন লোকে নাগৰিকত্বৰ বাবে আবেদন কৰিছিল, ইয়াৰে ৫১ খন আবেদন বৰ্তমান বিবেচনাধীন হৈ আছে। চৰকাৰী সূত্ৰ অনুসৰি সমগ্ৰ দেশতে এতিয়ালৈকে শ শ লোকক চিএএ ৰ অধীনত নাগৰিকত্ব প্ৰদান কৰা হৈছে, আৰু বিভিন্ন ৰাজ্যত আবেদনৰ প্ৰক্ৰিয়া অব্যাহত আছে।

ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা ৭ মাৰ্চত উত্তৰাখণ্ড ভ্ৰমণৰ কথা। অনুমোদিত আবেদনকাৰীক হৰিদ্বাৰত পৰিকল্পিত অনুষ্ঠানত নাগৰিকত্ব প্ৰদান কৰিব পাৰিব। ৰাজ্য চৰকাৰ আৰু আনুষংগিক সংস্থাসমূহে যোগ্য ব্যক্তিৰ সৈতে যোগাযোগ কৰিছে।

সূত্ৰ অনুসৰি উত্তৰাখণ্ডত নাগৰিকত্ব লাভ কৰা অধিকাংশ লোক পাকিস্তানৰ সিন্ধ আৰু বেলুচিস্তান অঞ্চলৰ। ইতিমধ্যে তেওঁলোকৰ পৰিয়াল ডেৰাডুন, ঋষিকেশ, হৰিদ্বাৰ, আৰু উধম সিং নগৰত বাস কৰে, যাৰ বাবে তেওঁলোকে ৰাজ্যখনত আশ্ৰয় পাইছিল। জানিব পৰা মতে, হিংলাজ মাতা মন্দিৰৰ সৈতে জড়িত এজন পুৰোহিতৰ পৰিয়ালকো নাগৰিকত্ব প্ৰদান কৰা হৈছে। তথ্য অনুসৰি সীমা জাগৰণ মঞ্চই এই নাগৰিকসকলৰ স্থান নিৰ্ণয় কৰি তেওঁলোকৰ সৈতে যোগাযোগ স্থাপন কৰিছিল আৰু তেওঁলোকৰ আবেদন পত্ৰ সম্পূৰ্ণ কৰাত সহায় কৰিছিল।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ত নাগৰিকত্ব আইন, ১৯৫৫ সংশোধন কৰি আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ পৰা পলায়ন কৰা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী, খ্ৰীষ্টানসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। সংসদত বিধেয়কখন গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিয়েও সন্মতি প্ৰদান কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande