
–কোৰ্টৰ আদেশত ৰুজু কৰা পক্সো আইন অনুসাৰী গোচৰৰ তদন্ত আৰম্ভ
বাৰাণসী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। নাবালক শিশুৰ যৌন শোষণৰ অভিযোগত জ্যোতিৰ্পীথাধীশ্বৰ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দ সৰস্বতীৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ তদন্ত আৰম্ভ হৈছে। আদালতে এফআইআৰ দাখিল কৰাৰ পিছতে সোমবাৰে ঝুন্সি আৰক্ষী (প্ৰয়াগৰাজ) বাৰাণসীত উপস্থিত হৈ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দ, তেওঁৰ শিষ্য মুকুন্দনন্দ আৰু এই গোচৰৰ আন তিনিজন ব্যক্তিক জেৰা কৰে। এই ঘটনাই মহানগৰীত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। কেদাৰঘাটত অৱস্থিত শ্ৰীবিদ্যামন্দিৰত ঝুন্সি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত মহেশ মিশ্ৰই শংকৰাচাৰ্য আৰু অন্যান্য অভিযুক্তৰ বিতং জেৰা কৰিব।
শনিবাৰে জিলা পক্সো আইন আদালতৰ বিশেষ ন্যায়াধীশ বিনোদ কুমাৰ চৌৰসিয়াই ঝুন্সি আৰক্ষীক গোচৰ পঞ্জীয়ন কৰি তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে বিশেষভাৱে নিৰ্দেশ দিছিল যে এই গোচৰৰ তদন্ত নিৰপেক্ষভাৱে, স্বতন্ত্ৰভাৱে আৰু ক্ষিপ্ৰতাৰে কৰা হওক। এই গোচৰটো শকুম্ভৰী পীঠাধীশ্বৰ আশুতোষ ব্ৰহ্মচাৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত দাখিল কৰা হৈছে। এই গোচৰত শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দ আৰু তেওঁৰ শিষ্য মুকুন্দনন্দৰ বিৰুদ্ধে মাঘমেলাৰ সময়ত নাবালক ল’ৰাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।
ভুক্তভোগী শিশুসকলৰ বক্তব্যও আদালতত লিপিবদ্ধ কৰা হয়। ইয়াৰ পিছতে আদালতে প্ৰয়াগৰাজ আৰক্ষী আয়ুক্তক বিষয়টোৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ অনুৰোধ জনায়। আদালতে উল্লেখ কৰে যে ভুক্তভোগী শিশুসকলৰ বক্তব্য, স্বতন্ত্ৰ সাক্ষীৰ বক্তব্য, আৰক্ষী আয়ুক্তই দাখিল কৰা তদন্তৰ প্ৰতিবেদন, আৰু সংগ্ৰহ কৰা সামগ্ৰীয়ে অভিযোগ যে গুৰুতৰ বুলি স্পষ্টভাৱে সূচায়। ষ্টেচন হাউছৰ বিষয়া মহেশ মিশ্ৰৰ মতে, আদালতৰ নিৰ্দেশত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ হৈছে। এই গোচৰত অধিক ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীয়ে প্ৰয়োজনীয় সকলো প্ৰমাণ আৰু বক্তব্য সংগ্ৰহ কৰি আছে।
ইফালে ঝুন্সি আৰক্ষীয়ে জেৰা কৰাৰ পূৰ্বে শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে সংবাদ মাধ্যমৰ সৈতে কথা পাতিছিল। তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁ তদন্তত সহযোগ কৰিবলৈ সাজু। ইয়াৰ দ্বাৰা সত্য প্ৰকাশ পাব। গ্ৰেপ্তাৰ হোৱাৰ কোনো প্ৰশ্নই নাহে যদিও গ্ৰেপ্তাৰ হ’লে তাৰ বাবেও তেওঁ সাজু। তেওঁ লগতে কয় যে অভিযোগকাৰীয়ে ইমান দিন পলম কৰিছে আৰু আমি পলাই যোৱা নাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া