বড়োলেণ্ড বিশ্ববিদ্যালয়ত 'ভাৰতীয় ভাষা পৰিয়াল'ৰ ওপৰত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ
কোকৰাঝাৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। বড়োলেণ্ড বিশ্ববিদ্যালয়ত ''ভাৰতীয় ভাষা পৰিয়াল''ৰ ওপৰত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত ভাৰতীয় ভাষা পৰিয়াল: অষ্টম অনুসূচীৰ অধীনত ভাৰতীয় ভা
বড়োলেণ্ড বিশ্ববিদ্যালয়ত 'ভাৰতীয় ভাষা পৰিয়াল'ৰ ওপৰত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ


কোকৰাঝাৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। বড়োলেণ্ড বিশ্ববিদ্যালয়ত 'ভাৰতীয় ভাষা পৰিয়াল'ৰ ওপৰত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত ভাৰতীয় ভাষা পৰিয়াল: অষ্টম অনুসূচীৰ অধীনত ভাৰতীয় ভাষাসমূহৰ কথোপকথন শীৰ্ষক এক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অন্তৰ্গত ভাৰতীয় ভাষা সমিতিৰ পৃষ্ঠপোষকতাত বিশ্ববিদ্যালয়খনৰ ইংৰাজী বিভাগৰ উদ্যোগত এই আলোচনা চক্ৰখন মিশ্ৰিত ধৰণত (ব্লেণ্ডড মোড) আয়োজন কৰা হৈছে।

ইতিমধ্যে এই গুৰুত্বপূৰ্ণ আলোচনা চক্ৰখনৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত বিশেষজ্ঞ আৰু গৱেষকসকলৰ উপস্থিতিত এই অনুষ্ঠানটোৱে ভাৰতীয় ভাষাসমূহৰ সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande