তেজপুৰ কন্যা মহাবিদ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সাদিনীয়া বিশেষ শিবিৰৰ সামৰণি
Assam, 23 তেজপুৰ কন্যা মহাবিদ্যালয়ৰ পৰিগৃহীত গাঁৱত সাদিনীয়া বিশেষ শিবিৰৰ সামৰণি ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰীৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান বিভিন্ন জাতি জনগোষ্ঠীৰ গীত -নৃত্যৰে মুখৰিত পৰিগৃহীত গাওঁ স্হানীয় ৰাইজৰ উপস্থিতিত বিভিন্ন সজাগতামূলক
তেজপুৰ কন্যা মহাবিদ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সাদিনীয়া বিশেষ শিবিৰৰ সামৰণি


Assam, 23

তেজপুৰ কন্যা মহাবিদ্যালয়ৰ পৰিগৃহীত গাঁৱত সাদিনীয়া বিশেষ শিবিৰৰ সামৰণি

ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰীৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান

বিভিন্ন জাতি জনগোষ্ঠীৰ গীত -নৃত্যৰে মুখৰিত পৰিগৃহীত গাওঁ

স্হানীয় ৰাইজৰ উপস্থিতিত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ,সজাগতা সভা সম্পন্ন

অংশগ্ৰহণকাৰীক মানপত্ৰ প্ৰদান

শোণিতপুৰ, ২৩ ফেব্ৰুৱাৰী ফেব্ৰুৱাৰী (হি.স.)।

তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত মহাবিদ্যালয়খনৰ পৰিগৃহিত গাঁও পুনিয়নীৰ পুনিয়নী মধ্য ইংৰাজী বিদ্যালয়ত সাত দিনীয়া বিশেষ অনুষ্ঠান সম্পন্ন কৰা হয়। মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্বাৱধায়িকা তথা হিন্দী বিভাগৰ অধ্যাপিকা বৰ্ণালী দেৱীৰ তৎপৰতাত আজি সামৰণি পৰা এই সাদিনীয়া শিবিৰৰ উ শিবিৰ বিভিন্ন কাৰ্য্যসূচী ,যেনে স্বচ্ছতা, মহিলা সবলীকৰণ, শিশু সকলৰ শাৰিৰীক, মানসিক, শৈক্ষিক আৰু বিভিন্ন কাৰ্য্যসূচীৰে উন্নত কৰাৰ প্ৰয়াস কৰে। বিভিন্ন ব্যক্তিক আমন্ত্ৰণ জনাই সজাগতামূলক সভা আয়োজন কৰা হয়।

সাদিনীয়াকৈ অনুষ্ঠিত হোৱা এই শিবিৰত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ উৎসাহপূৰ্ণ অংশগ্ৰহন আছিল চমকপ্ৰদ। পুনিয়নী অঞ্চলৰ ৰাইজৰ আশাপ্ৰদ সহযোগিতাত সামৰণী পৰা এই শিবিৰৰ সামৰণী অনুষ্ঠানত কন্যা মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰীসকলে সকলে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।

বড়ো দলীয় নৃত্য পৰিৱেশন কৰে হিমাদ্ৰী মুছাহাৰী, নিহা বড়ো, মুনী দেৱী থাপা, উদানশ্ৰী বসুমতাৰী, টিনা প্ৰধান, বিনা টামাং, উৱালমেছা চাংমা আৰু পূৰ্ণিমা বড়োয়ে।

নেপালী নৃত্য পৰিৱেশন কৰে ৰীমা দেৱী আৰু হিমাশ্ৰী শৰ্মাই। জিকিৰ পৰিৱেশন কৰে মনজুন নেহাৰ, চাদিয়া খাতুন, ফাৰিদা খাতুন, নুৰ ফাতেমা আৰু মাহমুদা চুলতানাই । আৰু বিহুনাচ পৰিৱেশন কৰে নিবেদিতা দেৱীয়ে ।

সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° তপন কুমাৰ কলিতাই ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উপযোগীতা সম্পৰ্কত বক্তব্য আগবঢ়ায়। তত্বাৱধায়িকা বৰ্ণালী দেৱীয়ে আঁত ধৰা এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড০ পল্লৱ ভট্টাচাৰ্য, চি আৰ চি কেশৱ বৰ্মণ , পুনিয়নী গাঁৱৰ গাওঁ প্ৰধান মুচ্ছদ্দৰ হক আৰু পুনিয়নি বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আনোৱাৰা বেগম,শিক্ষক মুকুল কলিতা, ইফটিকাৰ হুছেইন, আমিনা খাতুন, বাবুল কৰ্মকাৰ আদিয়ে অংশগ্ৰহণ কৰে । সামৰণিৰ দিনটোত অংশগ্ৰহণকাৰী সকলক মানপত্ৰও প্ৰদান কৰা হয়।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande