কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তামিলনাডুৰ টুটিকোৰিনত ২১ টা প্ৰকল্প উদ্বোধন
টুটিকোৰিন, ২৩ ফেব্ৰুৱাৰী (হি.স.)। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে ভি.অ. চিদাম্বৰনাৰ বন্দৰ কৰ্তৃপক্ষৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত তেওঁ বন্দৰ চৌহদত স্থাপন কৰা হেৰিটেজ মিউজিয়াম উদ্বো
केंद्रीय मंत्री सर्वानंद सोनोवाल*


টুটিকোৰিন, ২৩ ফেব্ৰুৱাৰী (হি.স.)। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে ভি.অ. চিদাম্বৰনাৰ বন্দৰ কৰ্তৃপক্ষৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত তেওঁ বন্দৰ চৌহদত স্থাপন কৰা হেৰিটেজ মিউজিয়াম উদ্বোধন কৰে আৰু স্কুলীয়া ছাত্ৰীসকলৰ সৈতে মিউজিয়ামটো ভ্ৰমণ কৰে।

এই উপলক্ষে মুঠ ২১টা নতুন প্ৰকল্প আৰম্ভ কৰা হয়, য’ত ভি.অ’.চি. সামুদ্ৰিক ঐতিহ্য সংগ্ৰহালয়, কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক বন্দৰ ভাৰ্চুৱেল মডেল এপ্লিকেচন, ১২ কোটি টকাৰ কোৰকাই পৰ্যটন প্ৰকল্প, আৰু বন্দৰ ৰেল মালবাহী চোতালৰ এপ্ৰ'চ ৰোড উন্নীতকৰণকে ধৰি নটা প্ৰকল্প। বন্দৰৰ সামূহিক উন্নয়ন আঁচনিৰ অধীনত বিভিন্ন সংগঠনলৈও কল্যাণমূলক সাহায্য প্ৰদান কৰা হয়।

অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তামিলনাডুৰ ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লৱে, আৰু বন্দৰ উন্নয়নৰ বাবে ৩ লাখ কোটিতকৈ অধিক মূল্যৰ প্ৰকল্প ৰূপায়ণ কৰা হৈছে। সাগৰমালা আৰু অমৃত ভাৰত আঁচনিৰ অধীনত বন্দৰসমূহক ৰেলৱেৰ সৈতে সংযোগ কৰাৰ কাম দ্ৰুতগতিত আগবাঢ়িছে।

মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে তামিলনাডুত বৰ্তমান ₹১২,৬০০ কোটি টকাৰ ১১১টা প্ৰকল্প চলি আছে। কেন্দ্ৰীয় চৰকাৰে টুটিকোৰিন বন্দৰক দেশৰ প্ৰথমটো সেউজ বন্দৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে। বতাহ আৰু সৌৰ শক্তি উৎপাদন প্ৰকল্পক অগ্ৰাধিকাৰ দিয়া হৈছে। হাইড্ৰজেন শক্তিৰ কেন্দ্ৰ হিচাপেও এই বন্দৰটো গঢ়ি তোলা হ’ব।

তেওঁ কয় যে টুটিকোৰিনত ৩০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নতুন জাহাজ নিৰ্মাণ চোতাল স্থাপন কৰা হ’ব। ১৫,০০০ কোটি টকাৰ আউটাৰ হাৰ্বাৰ ডেভেলপমেণ্ট প্ৰজেক্টৰ জৰিয়তে বন্দৰটোৰ গভীৰতা ১৮ মিটাৰলৈ বৃদ্ধি পাব, যাৰ ফলত বৃহৎ জাহাজৰ চলাচলত সুবিধা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ২০৩০ চনৰ সামুদ্ৰিক বাণিজ্য পৰিকল্পনা আৰু ২০৪৭ চনৰ উন্নয়নৰ লক্ষ্যসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰা হৈছে। ফলত ২০৩০ চনৰ ভিতৰত ভাৰতীয় বন্দৰসমূহৰ মাল পৰিচালনা ক্ষমতা ১০,০০০ মিলিয়ন টন হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।২০৭০ চনৰ ভিতৰত ভাৰতক কাৰ্বনমুক্ত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা চলি আছে।

এই অনুষ্ঠানত বিধানসভাৰ সদস্য তথা তামিলনাডুৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অধ্যক্ষ নয়নাৰ নগেন্দ্ৰন, ভিঅ’চি বন্দৰ কৰ্তৃপক্ষৰ সুশান্ত কুমাৰ পুৰোহিত, বন্দৰ সচিব মোহন কুমাৰকে ধৰি কেইবাজনো উচ্চ চৰকাৰী বিষয়া উপস্থিত থাকে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande