তামাৰহাটৰ বৰজান গাঁৱত মৃতদেহ কবৰৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ
তামাৰহাটৰ বৰজান গাঁওত চাঞ্চল্যকৰ ঘটনা ।
তামাৰহাটৰ বৰজান গাঁৱত মৃতদেহ কবৰৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ


কোকৰাঝাৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ তামাৰহাটৰ বৰজান গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । কবৰৰ পৰা খান্দি উলিওৱা হল মৃতদেহ । চিকিৎসকৰ ভুলৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ তোলে ভুক্তভোগীয়ে ।

বিবৰণী মতে বৰজান গাঁও খনৰ জহৰ আলীৰ কন্যা মেহনাজ পাৰবীনৰ ছয় মাহ মান পূৰ্বে ধৰ্মীয় ৰীতি নীতি মতে বিয়া হয় কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও থানাৰ অন্তৰ্গত পদ্মবিল গাঁৱৰ নাজিৰ শ্বেখৰ সৈতে । ইয়াৰ মাজতে যোৱা ২০ ফেব্ৰুৱাৰী তাৰিখে স্বামী গৃহত মেহনাজ পাৰবীনে চিপ লয় । স্বামী গৃহৰ লোকে ততাতৈয়াকৈ গোঁসাইগাঁওস্থিত আৰ এনবি চিকিৎসালয়ত ভৰ্তি কৰায় । তাতে চিকিৎসাধীন অৱস্থাত মেহনাজ পাৰবীনৰ মৃত্যু হয় । চিকিৎসকক পৰিয়ালৰ লোকে সকলো কথা অৱগত কৰাৰ পিছতো চিকিৎসকে মৃতদেহ ঘৰলৈ নিয়াৰ অনুমতি দিয়ে । চিকিৎসকৰ অনুমতি মতে স্বামী গৃহৰ লোক আৰু পিতৃগৃহৰ লোক মিলি ২১ ফেব্ৰুৱাৰীৰ দিনা মেহনাজ পাৰবীনৰ মৃতদেহ কবৰস্থ কৰে ।

ইপিনে কবৰস্থ কৰাৰ পিছত অৰ্থাৎ ২৪ ঘণ্টা পিছতহে চিকিৎসকে ঘটনাৰ বিষয়ে গোঁসাইগাঁও আৰক্ষীক অৱগত কৰে । ধুবুৰী জিলাৰ গোলকগঞ্জ চক্ৰ বিষয়া উপস্থিতত গোঁসাইগাঁও আৰু তামাৰহাট আৰক্ষীৰ সহায়ত মৃতদেহ কবৰৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । উল্লেখ্য যে চিকিৎসকে আৰক্ষীক নজনাকৈ কাৰ অনুমতি মৃতদেহ ঘৰলৈ নিয়াৰ অনুমতি দিলে । কিয় চিকিৎসকে সহজ সৰল লোক সকলক ভুল পথে পৰিচালনা কৰে কবৰৰ পৰা মৃতদেহ উলিওয়াৰ পৰিস্থিতি সৃষ্টি কৰিলে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে । এই বিষয়ে উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী জনাইছে ভুক্তভোগীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande