নিষিদ্ধ এলেকাত প্ৰৱেশ কৰাৰ অভিযোগৰ পৰা মুক্ত লিয়নেল মেছি
নতুন দিল্লী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। মেজৰ লীগ ছকাৰে পুনৰীক্ষণৰ অন্তত স্পষ্ট কৰি দিছে যে তাৰকা ফুটবলাৰ লিয়নেল মেছিয়ে কোনো নিয়ম উলংঘা কৰা নাছিল । ছিজনৰ আৰম্ভণিতে ইণ্টাৰ মিয়ামীয়ে ০-৩ গ’লত পৰাস্ত হোৱাৰ পিছত মেচৰ বিষয়াৰ পিছফালে থকা দুৱাৰ এখনত প্ৰৱে
लियोनेल मेसी (पिंक जर्सी में)


নতুন দিল্লী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। মেজৰ লীগ ছকাৰে পুনৰীক্ষণৰ অন্তত স্পষ্ট কৰি দিছে যে তাৰকা ফুটবলাৰ লিয়নেল মেছিয়ে কোনো নিয়ম উলংঘা কৰা নাছিল । ছিজনৰ আৰম্ভণিতে ইণ্টাৰ মিয়ামীয়ে ০-৩ গ’লত পৰাস্ত হোৱাৰ পিছত মেচৰ বিষয়াৰ পিছফালে থকা দুৱাৰ এখনত প্ৰৱেশ কৰি নিষিদ্ধ এলেকাত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

শনিবাৰে অনুষ্ঠিত হোৱা এম এল এছ মেচৰ সময়ত এই কাণ্ড সংঘটিত হয়, যেতিয়া ইণ্টাৰ মিয়ামি চি এফ লছ এঞ্জেলছ এফ চিৰ হাতত পৰাস্ত হয়। লীগৰ এগৰাকী মুখপাত্ৰই ৰয়টাৰ্ছক জনোৱা মতে, ভিডিঅ’ ফুটেজ পৰ্যালোচনা কৰাৰ পিছত নিৰ্ণয় কৰা হৈছে যে মেছিয়ে প্ৰৱেশ কৰা অঞ্চলটো ৰেফাৰীৰ ড্ৰেছিং ৰুম বা নিষিদ্ধ এলেকাও নহয়। সেয়ে কোনো নীতি উলংঘা হোৱা নাছিল।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত দেখা গৈছে যে ইণ্টাৰ মিয়ামিৰ খেলুৱৈ লুইছ ছুৱেৰেজে মেছিৰ বাহুত ধৰি বাধা দিবলৈ চেষ্টা কৰিছিল যদিও আৰ্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে দুৱাৰেদি সোমাই যায়। তাৰ পিছত তেওঁ কিছু মুহূৰ্তৰ পিছত পুনৰ ওলাই আহিল। লীগৰ এগৰাকী মুখপাত্ৰইও স্পষ্ট কৰি দিয়ে যে যদি কোনো অঞ্চলত নিষেধাজ্ঞা আৰোপ কৰা হ’লহেঁতেন তেন্তে তাত স্পষ্ট চিন লগোৱা হ’লহেঁতেন।

এই সন্দৰ্ভত ইণ্টাৰ মিয়ামিৰ কোনো তাৎক্ষণিক আনুষ্ঠানিক মন্তব্য কৰা হোৱা নাই।

উল্লেখযোগ্য যে ডিফেণ্ডিং চেম্পিয়ন ইণ্টাৰ মিয়ামীয়ে পৰাজয়ৰ সৈতে ছিজনৰ আৰম্ভণি কৰিছিল। ৭৫,৬৭৩ জন দৰ্শকৰ সন্মুখত অনুষ্ঠিত হোৱা এই মেচখন এম এল এছৰ ওপেনিং উইকেণ্ডৰ ইতিহাসত সৰ্বাধিক উপস্থিতি লিপিবদ্ধ হৈছে ।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande