
নতুন দিল্লী, ২৩ ফেব্ৰুৱাৰী (হি.স.)। ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ টি-২০ বিশ্বকাপৰ ইতিহাসত ভাৰতৰ হৈ সৰ্বাধিক উইকেটৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ ৮ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে উজ্জ্বল প্ৰদৰ্শনেৰে তেওঁ এই কৃতিত্ব অৰ্জন কৰে।
এই খেলখনৰ পূৰ্বে ভাৰতীয় প্ৰাক্তন অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ৩২টা উইকেটৰ অভিলেখ সমান কৰিবলৈ বুমৰাহক তিনিটা উইকেটৰ প্ৰয়োজন হৈছিল। তেওঁ অশ্বিনক অতিক্ৰম কৰি চাৰি অভাৰত মাত্ৰ ১৫ ৰানত তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে।
দক্ষিণ আফ্ৰিকাৰ বেটছমেন কুইণ্টন ডি কক, ৰিয়ান ৰিকেলটন, আৰু কৰ্বিন বছক আউট কৰি বুমৰাহ দলটোক শক্তিশালী আৰম্ভণি কৰে। এই প্ৰদৰ্শনেৰে টি-২০ বিশ্বকাপত বুমৰাহৰ মুঠ উইকেট ৩৩টা হৈছেগৈ।
কিন্তু এই মেচখনত ভাৰতে ৭৬ ৰানৰ ক্ৰুচিং পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ ফলত তেওঁলোকৰ প্ৰদৰ্শন কিছু কলংকিত হৈ পৰে।
টি-২০ বিশ্বকাপত ভাৰতৰ হৈ সৰ্বাধিক উইকেটঃ
১.যছপ্ৰিত বুমৰাহ – ৩৩ উইকেট (২২ ইনিংছ)
২.আৰ্ষদীপ সিং – ৩২ উইকেট (১৮ ইনিংছ)
৩) ৰবিচন্দ্ৰন অশ্বিন – ৩২ উইকেট (২৪ ইনিংছ)
৪) হাৰ্দিক পাণ্ডিয়া – ২৯ উইকেট (২৬ ইনিংছ)
৫) ৰবীন্দ্ৰ জাদেজা – ২২ উইকেট (২৯ ইনিংছ)
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া